বন্ধুত্ব—- কংকনা তালুকদাৰ

pc-hindustan times

বন্ধুত্ব—-

এক আবেগৰ এনাজৰী
য’ত লুকাই থাকে সুখ দুখৰ হেজাৰ সমাহাৰ
বন্ধুত্ব… এক সুৰুযময়ী যাত্ৰা
য’ত এন্ধাৰ কম আৰু পোহৰৰ শক্তি অলেখ
বন্ধুত্ব…য’ত থাকে নিভাঁজ হাঁহি
আৰু হাঁহিৰ আঁৰত থকা কত’ যে কিমান কাহিনী

ভাবিলেই যেন সৃষ্টি হয়
কিবা এক ৰসাল অনুভৱ

কিন্তু কিয়জানো,
ধেমালিবোৰৰ আজি খনন ঘটিল
চকুপানীৰে নৈ বোৱা গালখন
মুহাৰিব বন্ধুত্বৰ অভাৱ হ’ল
আজিও আমি বিচাৰি ফুৰো
ব্যস্ততাৰ মাজত হেৰাই যোৱা
বন্ধুত্বৰ এনাজৰী
কিজানিবা কেনেবাকৈ ধৰি ৰাখিব পাৰো …

বিচাৰো দুখত ভাঙি পৰা
মনটো জীয়াই ৰাখিবলৈ…..

মই আজিও বাট চাওঁ
ঘৃণাৰে দৃষ্টিহীন হৈ পৰা চকুহালক
মিঠা অনুভৱৰ গঁজালি
ওলাবলৈ ..

মই আজিও বাট চাওঁ ।।

🖋️কংকনা তালুকদাৰ 💫