বছৰৰ শেষলৈ প্ৰত্যেক দেশৰ অতি কমেও ৪০ শতাংশ লোকৰ টিকাকৰণ সম্পূৰ্ণ কৰাৰ লক্ষ্য বিশ্ব স্বাস্থ্য সংস্থাৰ

Pc- Twitter

বছৰৰ শেষলৈ প্ৰত্যেক দেশৰ অতি কমেও ৪০ শতাংশ লোকৰ টিকাকৰণ সম্পূৰ্ণ কৰাৰ লক্ষ্য বিশ্ব স্বাস্থ্য সংস্থাৰ

ৰঙিলী বাৰ্ত্তাসেৱা- ভিডৰ নতুন সংক্ৰমণক লৈ চিন্তিত হৈ পৰিছে বিশ্ব স্বাস্থ্য সংস্থা। ইউৰোপৰ অধিকাংশ দেশত টিকাকৰণ প্ৰক্ৰিয়া দ্রুতগতিৰে আগবঢ়াৰ পিছতো কোভিডৰ সংক্ৰমণ হ্ৰাস পোৱা নাই। জার্মানী, নেদাৰলেণ্ডছ আদিৰ দৰে দেশত ৮০ শতাংশ নাগৰিকৰ টিকাকৰণ সম্পূৰ্ণ হৈছে যদিও কোভিডৰ সংক্ৰমণ দভাৱহ ৰূপ ধাৰণ কৰিছে। ইউৰোপ মহাদেশত এটা সপ্তাহত প্ৰায় ৩০ লাখ লোক কোভিডত সংক্ৰমিত হৈছে। তাৰোপৰি ২৭ হাজাৰ লোকৰ নতুনকৈ কোভিডত সংক্ৰমিত হৈ মৃত্যু হৈছে। বিশ্ব স্বাস্থ্য সংস্থাই ক’ভিডৰ সংক্ৰমণ ৰোধ কৰিবলৈ টিকাকৰণ প্ৰক্ৰিয়া অধিক জোৰদাৰ কৰাৰ ওপৰত গুৰুত্ব দিছে। যিসমূহ দেশত ক’ভিড-১৯ৰ দ্বিতীয় ড’জ সম্পূৰ্ণ হৈছে, সেই দেশসমূহত বুষ্টাৰ ড’জ আৰম্ভ কৰিব।বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালকপ্ৰধান টেড্ৰ’ছ আধানম  গেব্ৰেয়েছাছে এক সংবাদ মেলত কয় যে এই বছৰৰ শেষলৈ প্ৰত্যেক দেশৰ অতি কমেও ৪০ শতাংশ লোকৰ টিকাকৰণ সম্পূৰ্ণ কৰাৰ লক্ষ্য লোৱা হৈছে। এই লক্ষ্য পূৰ্ণ কৰিবলৈ পুনৰ ৫৫ কোটি ড’জ ভেকচিনৰ প্ৰয়োজন হ’ব।