বঁটা বিতৰ্ক ইচ্ছাকৃত ভুল নেকি ?- দেবর্ষি গৌতম

 বঁটা বিতৰ্ক ইচ্ছাকৃত ভুল নেকি ?

       অসম চলচ্চিত্ৰ উন্নয়ন নিগমৰ অধীনত প্ৰদান কৰা ৰাজ্যিক চলচিত্ৰ বঁটা হৈছে অসমৰ চলচ্চিত্ৰ জগতৰ বাবে ৰাজ্যিক পৰ্য্যায়ৰ সৰ্বশ্ৰেষ্ঠ বঁটা। কিন্তু এনেকুৱা সন্মানীয় বঁটা এটা প্ৰদান কৰাৰ ক্ষেত্ৰতো যদি বিতৰ্কৰ সূচনা হয় সেইয়া অসমৰ সাংস্কৃতিক জগতৰ বাবে যে শুভ লক্ষণ নহয় সেই কথা সচেতন লোক সকলে মৰ্মে মৰ্মে উপলব্ধি কৰিছে। ৰাজ্যিক চলচিত্ৰ বঁটা প্ৰদান কৰাৰ ক্ষেত্ৰত উত্থাপন হোৱা বিতৰ্কৰ ওপৰত বহুতো লোকে নিজৰ নিজৰ মতামত আগবঢ়াইছে। কিন্তু এই বিতৰ্কৰ সূচনা হোৱাৰ লগে লগে সকলোৰে মনলৈ অহা এটা প্ৰশ্ন হল কাৰ ভুলৰ বাবে এনে বিতৰ্কৰ সূচনা হবলৈ পালে ? আচলতে অসম চলচ্চিত্ৰ উন্নয়ন নিগমৰ ফালৰ পৰা বঁটা সমূহ নিৰ্বাচন কৰিবলৈ জুৰি বৰ্ড গঠন কৰা হয়। এগৰাকী ব্যক্তিক এই বৰ্ডৰ অধ্যক্ষ হিচাপে ৰাখি বাকীসকলক সদস্য হিচাপে ৰখা হয়। বঁটা লাভ কৰিবলৈ চলচ্চিত্ৰ পৰিচালক অথবা চলচ্চিত্ৰ প্ৰযোজক সকলে মুখ্যত প্ৰপত্ৰ পূৰণ কৰি জমা দিব লাগে। প্ৰপত্ৰত সম্পূৰ্ণ তথ্য প্ৰদান কৰিব লাগে আৰু সেই তথ্যৰ ওপৰত ভিত্তি কৰিয়ে জুৰি বৰ্ডৰ সদস্য সকলে প্ৰতিটো শিতানৰ বাবে শ্ৰেষ্ঠত্ব নিৰ্বাচন কৰি উলিয়াই। এনে ক্ষেত্ৰত এই বিতৰ্কৰ বাবে সকলো দোষ নিগম অথবা জুৰি বৰ্ডৰ সদস্য সকলৰ ওপৰত জাপি দিয়াটো হয়তো উচিত নহব। জুৰি বৰ্ডৰ ওচৰলৈ যোৱা প্ৰপত্ৰৰ প্ৰতিলিপিটো ৰাজহুৱা হোৱাৰ পিছতহে কব পৰা হব আচলতে ভুল কত হৈছিল। যদি প্ৰপত্ৰ খন ঠিকে আছিল তেনেহলে বঁটা নিৰ্বাচন প্ৰক্ৰিয়াত ভুল হোৱাটো প্ৰমাণ হৈ যাব আৰু যদি প্ৰপত্ৰ খনতে ভুলকৈ তথ্য প্ৰদান কৰা হৈছিল তেনেহলে সেইয়া প্ৰযোজক/পৰিচালকৰ গাফিলতি অথবা প্ৰপত্ৰ পুৰণ কৰাৰ সময়ত হোৱা গাফিলতি বুলি প্ৰমাণ হৈ যাব। সাধাৰণতে আমি দেখোঁ যে যিকোনো বঁটা ঘোষণা কৰাৰ সময়ত বঁটাৰ বিষয়ে সবিশেষ উল্লেখ কৰা হয়। মুখ্যত যদি সংগীতৰ ক্ষেত্ৰত এই বঁটা প্ৰদান কৰা হয় তেনেহলে বঁটা লাভ কৰা শিতানৰ নাম, কণ্ঠশিল্পী গৰাকীৰ নাম, গানটোৰ নাম, চলচ্চিত্ৰ খনৰ নাম আদি স্পষ্টকৈ উল্লেখ কৰা হয়। এটা অতি সন্মানীয় বঁটা প্ৰদানৰ ক্ষেত্ৰত এনেকুৱা দায়িত্বজ্ঞানহীন কৰ্ম কোনে সংঘটিত কৰিলে, নে কোনো লোকে আনৰ পিঠাৰে বিহু পতাৰ লেখীয়া নিজৰ ন্যস্ত স্বাৰ্থ সিদ্ধিৰ বাবে এনেকুৱা ভুল ইচ্ছাকৃতভাৱে কৰিলে এই প্ৰশ্নটো এতিয়া সকলো লোকৰ মুখে মুখে। আনে গোৱা গান এটাত বঁটা গ্ৰহণ কৰাৰ লগে লগে সেই কণ্ঠশিল্পী গৰাকীৰ সন্মান যে জনমানসত লাঘৱ হয় সেইয়া নিশ্চিত। ইয়াৰ উপৰিও কণ্ঠশিল্পী গৰাকীয়ে বঁটা গ্ৰহণ কৰাৰ পিছত হোৱা বিতৰ্কৰ উত্তৰ দিবলৈ গৈ আত্মপক্ষক সমৰ্থন কৰি দিয়া মন্তব্য আৰু তেখেতৰ চলচ্চিত্ৰ পৰিচালক গৰাকীয়ে দিয়া মন্তব্যৰ মাজত আকাশ পাতল পাৰ্থক্য দেখিবলৈ পোৱা গৈছে। এনে ধৰণৰ মন্তব্যৰ পৰা এটা কথা স্পষ্ট হৈছে যে  এই বঁটা বিতৰ্কৰ মাজত কিবা এটা ৰহস্য নিশ্চিতভাৱে লুকাই আছে। এনেকুৱা ধৰণৰ কিছুমান বিৰ্তকই অসমীয়া চলচ্চিত্ৰ জগতৰ ভৱিষ্যত অন্ধকাৰৰ দিশে ঠেলি দিব। এনে ভুলবোৰৰ পৰা এক উচিত শিক্ষা লৈ অসমীয়া চলচ্চিত্ৰ উদ্যোগটোক এক নতুন ৰূপত উজলাই তোলাৰ পৰিবৰ্তে যদি সদায় একে ভুলৰে যদি পুনৰাবৃত্তি হৈ থাকে তেনেহলে অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ মৃত্যুমুখী যাত্ৰাৰ বাবে আনক দোষাৰোপ কৰি একো লাভ নহব।

                       দেবর্ষি গৌতম
                      বনগাঁও