ফিলোবাৰী চিনিয়ৰ চেকেণ্ডৰী স্কুলত শিক্ষয়ত্রীক অপমান কৰা কার্যক অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে তীব্ৰ গৰিহণা

pc Sentinal Assam

ফিলোবাৰী চিনিয়ৰ চেকেণ্ডৰী স্কুলত শিক্ষয়ত্রীক অপমান কৰা কার্যক অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে তীব্ৰ গৰিহণা

গুৱাহাটী, ৰঙিলী বাৰ্ত্তাসেৱা – তিনিচুকীয়া জিলাৰ অন্তৰ্গত ফিলোবাৰী চিনিয়ৰ চেকেণ্ডাৰী স্কুলত শিক্ষয়ত্রীক সামাজিকভাৱে অপমান কৰা ঘটনাটোৱে সভ্য সমাজক লজ্জিত কৰিছে, অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে এই কাৰ্যক তীব্ৰ গৰিহনা দিছে।আজি কমিটীৰ মিডিয়া অধ্যক্ষ ববিতা শৰ্মাই এক প্ৰেছ বিবৃতি যোগে কয়- সামাজিক মাধ্যমত প্ৰচাৰিত হোৱা ভিডিঅ’ যোগে আমি দেখা পাইছো যে উক্ত ঘটনা সংঘটিত হোৱা ঠাইত অসম আৰক্ষীৰ লোক উপস্থিত আছিল, কিন্তু কি কাৰণত আৰক্ষী বিষয়াৰ উপস্থিতিত এনে নিন্দনীয় কাৰ্য সংঘটিত হ’ল, সেয়া এক প্ৰশ্ন আৰু বিচার্যৰ বিষয় হৈ পৰিছে । আচলতে আৰক্ষীৰ উপস্থিতিত সংঘটিত হোৱা এনে ঘটনাই অসম চৰকাৰৰ গৃহ বিভাগৰ ব্যৰ্থতা উদঙাই দিছে। শিক্ষকসকল সমাজৰ সন্মানীয়। সমগ্ৰ বিশ্বই শিক্ষক সমাজক শ্ৰদ্ধা জনাই আহিছে। কিন্তু ২৭ বছৰ শিক্ষকতা কৰা শিক্ষয়ত্রী এগৰাকীক যি ধৰণে এচাম লোকে সামাজিকভাৱে অপমান কৰিলে, সেয়ে সভ্য সমাজক লজ্জানত কৰিলে। এই কাৰ্য সংঘটিত কৰা সকলক অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে তীব্ৰ গৰিহণা দিছে। চৰকাৰে এই ঘটনাৰ তদন্ত ঘোষণা কৰিলে যদিও আমি কব বিচাৰিছো যে আৰক্ষীৰ উপস্থিতিত এনে ঘটনা কেনেকৈ সংঘটিত হ’ল? আৰক্ষীয়ে হস্তক্ষেপ কৰি সভ্য সমাজক লজ্জিত কৰা এই ঘটনাটোত বাধা দিব নোৱাৰিলে কিয়? শিক্ষকক অপমান কৰা কাৰ্য আজিৰ সভ্য সমাজে কেনেকৈ চাই থাকিব পাৰিছে? আমি এনে এখন সমাজ আমাৰ নৱপ্রজন্মৰ বাবে এৰি থৈ যাম নেকি, যিখন সমাজত শিক্ষক আৰু জ্যেষ্ঠসকলক অপমান কৰা কাৰ্য মানুহে নীৰৱে চাই থাকি সাক্ষী হ’ব? অসম চৰকাৰৰ ওচৰত এনে কার্যৰ উচিত তদন্ত বিচৰাৰ লগতে যিসকলে এনে কাৰ্য সংঘটিত কৰিবলৈ উৎসাহ যোগাইছিল আৰু যিসকলে ঘটনাস্থলীত উপস্থিত থাকি নীৰৱে অসমৰ শিক্ষক সমাজক অপমান কৰা এই ঘটনাত সহযোগিতা আগবঢ়াইছিল, এই সকলোকে তদন্তৰ আওতালৈ আনি উচিত বিচাৰ কৰিব লাগে বুলি দাবী উত্থাপন কৰিলো।