নিঠৰুৱা- ৰশ্মি ৰেখা বৰা হাজৰিকা

Pc- Unsplash
নিঠৰুৱা  (গল্প )
বাৰাণ্ডাত বন্তি এগছি আৰু ধূপ-ধুনাৰ সন্মুখত সজাই থোৱা দীপকৰ ফটোখনৰ ফালে হাতযোৰ কৰি মানুহ দুজন ড্ৰয়িংৰুমলৈ সোমাই গ’ল । দীপকৰ এক্সিডেণ্ট কৰা ডাম্পাৰখনৰ মালিকে পঠিয়াইছে তেওঁলোকক । সুচিত্ৰা বহি থাকিল ফটোখনৰ ওচৰতে ভাবলেশহীন হৈ । ড্ৰয়িংৰুমত মুন্মীৰ দেউতাক আৰু ককায়েকে তেওঁলোকৰ লগত কথা পাতিছে । মুন্মীকো মাতি অনা হৈছে ভিতৰৰ পৰা । কথাৰ টুকুৰাবোৰ উফৰি আহি সুচিত্ৰাৰো কাণত পৰিছে ।
“পঞ্চাশ হাজাৰ কম হ’ব । ডেকা মানুহ এটাৰ জীৱনৰ মূল্য মাত্ৰ পঞ্চাশ হাজাৰ নেকি ?”
“ভাবি চাওক । কেচ দিব পাৰে আপোনালোকে, কিন্তু চলাব পাৰিব জানো ? বহু দিন লাগিব কেছ ছিগিবলৈ। উকীলক ক’ৰ পৰা পইচা দিব ? একোৱেই নাপাব তেতিয়া । তাতকৈ ইয়াতে ৰফা-দফা কৰা ভাল ।”
“হ’লেও পঞ্চাশ হাজাৰ কম হ’ব । এটা মানুহ মাৰি পেলাইছে । পৰিয়ালটো নিঠৰুৱা এতিয়া । তাৰ একেবাৰে আপোন বুলিবলৈ ইহঁত তিনিটা, পত্নী-পুত্ৰ আৰু আগৰ গৰাকী পত্নীৰ ফালৰ ল’ৰা এটা । পইচা তিনিভাগ হ’ব । কিবা অলপটো পাব লাগিব নিঠৰুৱা প্ৰাণীকেইটাই ।”
দীপকৰ আপোন মানুহৰ লিষ্টখন দিয়া হৈছে হত্যাকাৰীৰ চামুণ্ডাসকলক । সেই লিষ্টত সুচিত্ৰাৰ নাম নাই । কাহানিও নভবা কথা এটা সুচিত্ৰাৰ মনলৈ আহিল । প্ৰকৃততে নিঠৰুৱা কোন  ?  ডেকা পুত্ৰৰ নিৰ্জীৱ ফটোৰ সন্মুখত চাকি-বন্তি জ্বলাবলগীয়া হোৱা বিধৱা মাকজনী নিঠৰুৱা হোৱা নাই নেকি ? পুতেকৰ মৃত্যুৰ ক্ষতিপূৰণ তেওঁক নালাগে , টকাই সেই ক্ষতি পূৰাব নোৱাৰে।
বহুবোৰ স্মৃতি ৰিৱাইণ্ড হ’বলৈ ধৰিলে সুচিত্ৰাৰ মন-মগজুত । ত্ৰিশ বছৰৰ আগতে এদিন চোতালত পৰি থকা তাইৰ গিৰিয়েক বীৰেনৰ মৃতদেহৰো মূল্য নিৰ্ধাৰণ কৰা হৈছিল । পেশাত ইলেক্ট্ৰিচিয়ান বীৰেনৰ মৃত্যু হৈছিল ধনী ব্যৱসায়ী এজনৰ ঘৰত পানীৰ মটৰ বহুৱাওতে বিদ্যুৎপৃষ্ট হৈ । ব্যৱসায়ীজনে ক্ষতিপূৰণ দিছিল, যিখিনিৰ ওপৰত অধিকাৰ সাব্যস্ত কৰিছিল বীৰেনৰ মাক আৰু ভায়েকহঁতে । কাৰণ সিহঁত নিঠৰুৱা হৈছিল ঘৰখনৰ একমাত্ৰ উপাৰ্জনকাৰী জনৰ মৃত্যুত । নিঠৰুৱা হোৱা নাছিল সুচিত্ৰা আৰু চাৰিবছৰীয়া পুত্ৰ দীপক ।
“টকা থকা মানুহৰ ছোৱালী, কাইলৈ ঘৰলৈ গুচি যাব । মৰিম আমিবোৰহে ।” বীৰেনৰ মাকে কৈছিল ।
শ্ৰাদ্ধৰ কাম-কাজ শেষ হোৱাৰ পাছত উলিয়াই পঠিওৱা হৈছিল সুচিত্ৰা আৰু দীপকক ।
ঘূৰি যাবলৈ ঘৰ নাছিল সুচিত্ৰাৰ । ঘৰৰ মান-সন্মান, বংশমৰ্য্যাদা ভূলুণ্ঠিত কৰি নীহকুলীয়া বীৰেনলৈ পলাই যাওঁতে দেউতাক ত্ৰৈলোক্য তামুলীয়ে চৰু-হাড়ি পেলাই ত্যজপুত্ৰী ঘোষণা কৰিছিল তাইক । তথাপিও তাই সেইখন ঘৰলৈকে ঘূৰি আহিছিল । আহিব লগীয়া হৈছিল । সদ্যপ্ৰয়াত স্বামীৰ ফটো এখন আৰু কণমানি দীপকক বুকুত সাবটি তাই থিয় হৈছিল সেইখন ঘৰৰ পদূলিত । আতোলতোলকৈ তোলা একমাত্ৰ জীয়েকক কণমানি সন্তানৰ সৈতে দপদপীয়া বৰষুণত তিতি তিতি  থিয় দি থকা দেখি মূৰ্চ্ছা গৈছিল তাইৰ মাক, ত্ৰৈলোক্য তামুলীৰ পত্নী সূবৰ্ণলতা তামুলী । কিন্তু কোমলা নাছিল শিল যেন  পিতৃৰ অন্তৰ।
সিহঁতৰ ঘৰত কাম কৰি বুঢ়ী হোৱা আঘোণীবায়ে লৈ গৈছিল তাইক নিজৰ ঘৰলৈ ।
“কি মানুহ হে তোমালোক ! নিঠৰুৱা ছোৱালীজনীলৈও মৰম দয়া নাই ।”
“কিহৰ নিঠৰুৱা তাই ? গৈছিল নহয় আমাক এৰি আমাতকৈও আপোন মানুহৰ ওচৰলৈ । তাতে নাথাকিল কিয়  ?” গৰজি উঠিছিল ত্ৰৈলোক্য তামুলী ।
পিছত অৱশ্যে সূবৰ্ণলতা তামুলীৰ ভোক-হৰতালৰ কাৰণে বাৰীৰ চুকত বিপৰীত দিশত বাট উলিয়াই সৰু পকী ঘৰ এখন সজাই দিছিল তামুলীয়ে । কিন্তু বাৰণ কৰি দিছিল তেখেতৰ মুখামুখি হ’বলৈ । মৃত্যুৰ আগে আগে ৰোপিত মাটি এহালিচাও উইল কৰি দিছিল তাইৰ নামত ।
মাকে চাউল-দালি, তেল-হালধিৰ পৰা ঘৰৰ সকলো যোগাৰ পঠিয়াই থাকিছিল জেওৰাৰ এইপাৰৰ পৰা । কাৰো ওচৰত হাত নপতাকৈ চলি গৈছিল তাই আৰু দীপক । ত্ৰৈলোক্য তামুলীৰ মৃত্যুৰ পিছত সূবৰ্ণলতা তামুলীয়ে এদিন নিজেই মোনা এটাত বস্তু-বেহানি ভৰাই বুবুলৰ হাতত পঠিয়াব খোজোতে ডাঙৰ বোৱাৰী অজন্তাই মিহি মিহিকৈ কৈ উঠিছিল ।
“এতিয়া আৰু এনেকৈ বস্তু পঠিয়াই নাথাকিব মা । পুতেক কলেজ পালেগৈ । এতিয়া আৰু নিঠৰুৱা হৈ থকা নাই তেওঁলোক ।”
জেওৰাৰ সিপাৰে মোনাটো চমজি ল’বলৈ অহা সুচিত্ৰাৰ কাণতো পৰিছিল কথাষাৰ । দীপকেও শুনিছিল কথাকেইটা । পাছদিনাই সি সীমান্ত ৰাজখোৱাৰ গেলামালৰ দোকানত চেলছমেন সোমাইছিল ।
“মা, কাৰো ওচৰত হাত পাতিব নালাগে তুমি । দোকানৰ চাকৰিটোৰ পইচা কম । হ’ব দিয়া , আমি দুটা মানুহহে,  চলি যাম । আমি নিঠৰুৱা হোৱা নাই নহয় ।”
দীপকে অনা টকাৰে সিহঁত দুটা প্ৰাণী ভালদৰেই চলিছিল । ককাকে দিয়া পথাৰৰ আধি খেতিৰ ধানো আহিছিল ঘৰলৈ । সীমান্ত ৰাজখোৱাই নতুনকৈ চাহৰ হোটেল এখন খুলি বিশ্বাসী দীপকক কেছত বহুৱাইছিল । আমদানি কেইটামান বাঢ়িছিল । সুচিত্ৰাই চাই মেলি টীয়কৰ ফালৰ দুখীয়া পৰিয়ালৰ ছোৱালী বৰ্ণালীক দীপকলৈ বিয়া পাতি আনিছিল । নাতি অকণৰো মুখ দেখিবলৈ পাইছিল সুচিত্ৰাই । প্ৰাচুৰ্যৰ নহ’লেও সুখৰ পোহাৰ বহিছিল ঘৰ খনত । বৰ্ণালীৰ উচ্ছল কথা-বতৰা, কেঁচুৱা ল’ৰাকণৰ হাঁহি, দীপকৰ সন্তুষ্টিভৰা মুখ , সুচিত্ৰাক আৰু কি লাগে ইয়াতকৈ । হিয়া উবুৰিয়াই আশীৰ্ব্বাদ দিছিল তাই পুত্ৰ-বোৱাৰী আৰু নাতিক ।
কিন্তু ভবামতে সকলো হোৱা হ’লে ভাল আছিল । নহ’ল, ঈশ্বৰে বেলেগ কিবা এটাহে পৰিকল্পনা কৰি আছিল ।
বৰ্ণালীৰ একান্ত ইচ্ছাত নাতি অমৃতৰ অন্নপ্ৰাসন পতা হৈছিল সাঁচতীয়া টকা অলপ খৰচ কৰি , কিছু আড়ম্বৰপূৰ্ণভাৱে । সীমান্ত ৰাজখোৱাও আহিছিল দামী দামী উপহাৰ লৈ ।
“হেৰি আপোনাৰ মালিকজন বৰ দিলদৰিয়া মানুহচোন ! অতসোপা পুতলা আনিছে সোণটোলৈ । খেলনা বস্তু বোৰ চাওকচোন, অলপ দামী নহ’ব দেই ।” আনন্দত বৰ্ণালীয়ে কৈ উঠিছিল ।
“ছাৰ বৰ ভাল মানুহ । লাগে বুলি ক’লে বিমুখ কৰা নাই কোনোদিন । পইচা-পাতিৰ ক্ষেত্ৰতো ধৰি নাথাকে তেখেতে ।” আহ্লাদিত হৈ দীপকেও কৈ উঠিল । সেইজন মানুহৰ ওচৰত কৃতজ্ঞ সি । সেইজন মানুহৰ কাৰণেই সি এতিয়া এখন হোটেলৰ মেনেজাৰ ।
“হাতখন দেখি মই বিচুৰ্তি! ঔ আই, যি সোপাহে সোণৰ আঙুঠি পিন্ধিছে !”
“সোণ বাদেই দিয়া । সেই পাথৰবোৰৰ এটা এটাৰ দামেই কিজানি পঞ্চাশ-ষাঠি হাজাৰ টকা ।”
আশ্চৰ্যত মুখ মেল খাই যায় বৰ্ণালীৰ । ইমান প্ৰাচুৰ্য । দীপকৰ ঘৰখনেই  তাইৰ কাৰণে বহুত ধনী মানুহৰ ঘৰ । এসাজ খাই এসাজলৈ চিন্তা কৰিব লগীয়া পৰিয়ালৰ ছোৱালী তাই ।
সুচিত্ৰাও কৃতজ্ঞ সীমান্ত ৰাজখোৱাৰ ওচৰত,
“হয় দে, মানুহজন বৰ ভাল । গপ-ভেমো নাই । আমাৰ নিচিনা মানুহে মাতোতেও আহিছে যে আকৌ । বৰ তাৰিছে দে আমাক । ঈশ্বৰে ভালে-কুশলে ৰাখক তেখেতক ।”
দীপকৰ ছাৰ ঘৰখনত বৰ প্ৰিয় হৈ পৰিল হঠাতে । আহোতে-যাওঁতে তেওঁ সিহঁতৰ ঘৰত সোমাই কণমানিটোক চকলেট, মিঠাই আৰু কেতিয়াবা পাঁচশ টকাৰ নোট পৰ্যন্ত দি যাবলৈ ল’লে ।
কিন্তু  কোলাৰ কেঁচুৱা বিছনাত এৰি এদিন বৰ্ণালী নোহোৱা হ’ল । তাই পলাই গ’ল দীপকৰ ছাৰ সীমান্ত ৰাজখোৱালৈ । দীপকে হোটেলৰ কামটো এৰি দিলে । তাৰ  পত্নীক পলুৱাই নিয়া মানুহ জনৰ তলত সি কেনেকৈ কাম কৰে । ঘৰখন জহমাৰ দিলে । পুতেকৰ মুখখন দেখিলেই সুচিত্ৰাৰ শোকে খুন্দা মাৰি ধৰে । এদিন ছাৰৰ গাড়ীত বহি যোৱা বৰ্ণালীক দেখি আহি সুচিত্ৰাৰ ধৈৰ্য্যৰ বান্ধ ছিগিল,
“কাৰ কাৰণে দুখ কৰি আছোঁ আমি ? কাৰ কাৰণে ? যাৰ কাৰণে আমি ইমান দুখত মজিছোঁ তাই দামী গাড়ীত উঠি মস্তি মাৰি ফুৰিছে । কণমানি ল’ৰাটোলৈও তাইৰ মনত পৰা নাই । টকাৰ কাৰণেই তাই পলাই গ’লটো, হো, নে এইখন পাছবুক, মায়ে দিয়া টকা সত্তৰ হাজাৰ আছে ইয়াত । ব’ল, আমি নিজাকৈ দোকান খোলোঁ । ইমান নিঠৰুৱা হোৱা নাই এতিয়াও । ল’ৰাকণলৈ ভাব ।”
দীপকে কলেজৰ ওচৰত সৰু ৰুম এটা ভাড়া লৈ জেৰক্স মেশ্যিন এটা কিনি দোকান বহুৱালে । লগতে দুই-এপদ ষ্টেশ্যনেৰীও ।
সুচিত্ৰাই ছোৱালী এজনীও চালে পুতেকলৈ, ওচৰৰে সদায় দেখি থকা ছোৱালী । জানে সিহঁতৰ সকলো কথা । কিন্তু দীপকে বিয়া নাপাতে ।
“নাই, নহ’ব মা, মোক ইমানেই আটিছে । তুমি আছা, ল’ৰাটো আছে । হৈ যাব । নাপাতো বিয়া আকৌ । প্লীজ, মোক জোৰ নকৰিবা ।”
“মই সদায় নাথাকোঁ । সেইজনীৰ কাৰণে তই দেবদাস হৈ মৰিবলৈ কি দৰকাৰ ? ভাল ছোৱালী এজনী চাইছোঁ তোলৈ । সব ছোৱালী বৰ্ণালীৰ নিচিনা নহয় নহয় ।”
মাকৰ জেদৰ আগত সৈমান হ’বলগা হ’ল দীপক । আকৌ ক্ৰমাৎ চিজিল লাগি আহিল ঘৰখন । মুন্মী বৰ মৰমলগা ছোৱালী । মাক-পুতেক আৰু দীপকৰ প্ৰথমা পত্নীৰ সন্তানক মৰমেৰে আৱৰি ৰাখিলে তাই । দীপকৰ কম উপাৰ্জনেৰেই তাই সুন্দৰকৈ জোৰা মাৰে খৰছ-পাতি । আকালো নাই, ভঁড়ালো নাই । সেইবুলি অভিযোগো নাই তাইৰ । দেখি-শুনিয়েই বিয়া হৈছে তাই । জানে মৰমহে দিব পাৰিব সেই ঘৰখনে , সৰগৰ তৰা এটা বিচাৰিলে দিব নোৱাৰে ।
তাইৰ ল’ৰাটোৰ এবছৰীয়া জন্মদিনটোও তাই অনুষ্টুপীয়াকৈ পাতিলে । নিজে কেক এটা সাজু কৰিলে প্ৰেছাৰ কুকাৰতে, অভেন বিচাৰি তাই দীপকক আমনি নকৰে । সুচিত্ৰাই গোঁসাই ঘৰত প্ৰসাদ-পায়স আগবঢ়ালে । ওচৰৰ ল’ৰা-ছোৱালী কেইটামানক মাতি জন্মদিন পাতিলে তাই । দীপকক কয় তাই,
“জন্মদিনৰ নামত টকা বেছি খৰছ কৰিব নালাগে । তাতকৈ ৰেকাৰিং এখন খুলি মাহে মাহে থৈ যাব অলপ টকা তাৰ আৰু ডাঙৰ ল’ৰা অমৃতৰ নামত । স্কুলত এডমিশ্যন ল’বৰ সময়ত কামত আহিব ।” সুচিত্ৰাই অন্তৰেৰে আশীৰ্ব্বাদ দিয়ে তাইৰ লখিমী বোৱাৰীজনীক ।
ঈশ্বৰে কিন্তু সিদ্ধান্ত লৈ থৈছে সুচিত্ৰাৰ সুখত  অধিকাৰ নাই বুলি । ৰাতিপুৱা ন বজাত ভাত খাই দোকানলৈ ওলাই যোৱা ল’ৰাটো মৃতদেহ এটা হৈ দুপৰীয়াতে ঘূৰি আহিল । কলেজৰ ৰাস্তাতে ডাম্পাৰ এখনে মহটিয়ালে স্কুটীত গৈ থকা দীপকক । স্পট ডেথ । এতিয়া সেই ডাম্পাৰৰ গৰাকীয়েই  দিবলৈ আহিছে দীপকৰ প্ৰাণৰ মূল্য । দীপকৰ মৃত্যুত নিঠৰুৱা কোন হ’ল, কাৰ একাউণ্টত পইচা দিব লাগিব, কিমান দিব লাগিব তাৰে গৰমিল চলিছে । টকা সুচিত্ৰাক নালাগে । সেয়ে নিঠৰুৱাৰ লিষ্টত তাইৰ নাম উঠা নাই । কোন মাকে ল’ব পুতেকৰ মৃতদেহৰ দাম ! কিন্তু একমাত্ৰ পুত্ৰক হেৰুওৱা পয়ষষ্ঠি বছৰীয়া বিধৱা মাকজনী কেনেকৈ নিঠৰুৱা নহয় ?

ৰশ্মি ৰেখা বৰা হাজৰিকা

তৰাজান সোণাৰি গাঁও নং  ১ 
যোৰহাট ।
ফোন ৭০০২০৪৬৮১৯