ক’ৰনা মোৰ এক অনুভৱ
যোগাশিষ বৰকটকী
পুৱা খিৰিকীৰ ফাকেৰে অহা ৰʼদালিৰ উমাল পৰশত সাৰ পাই উঠিলো মই ,
ৰ’দালিয়ে যেন কানে কানে ফুচফুচাই ক’লেহি মোক,
উভতি আহা সপোনৰ পৃথিৱী পৰা,
মায়াময় এই বাস্তৱ জীৱনত আৰু একো বাকি নাই
প্ৰতিটো ৰজনী যেন এক তন্দ্ৰাবিহীন,
পুৱাবোৰৰ যেন কোনো নতুনত্ব নাই ।
গাড়ী মটৰৰ কোনো শব্দ নাই।
কৰ্ম কোন দিনা শেষ হয় তাৰ ঠিকনা নাই ।
বন্ধু বগৰ সৈতে একেলগে ওচৰত বহি কথা পতাৰ সুযোগ নাই ।
সকলো নিস্তব্দ হৈ ৰ’ল।