ফাগুন অহাৰ বতৰতে –   বৰষা ৰাণী হাজৰিকা 

ফাগুন অহাৰ বতৰতে 
               বৰষা ৰাণী হাজৰিকা 
ফাগুন অহাৰ সেই ক্ষণত…
তুমিও আহিছিলা মোৰ জীৱনলৈ
পলাশৰ ৰঙা ৰঙেৰে
ৰঙীন কৰি তুলিছিলা
মোৰ হৃদয়ৰ চৌপাশ..….
ফাগুনৰ পছোৱাজাকে
কতনা দূৰৰ পৰাই
তোমাক উৰুৱাই আনি
সোমোৱাই দিছিল
মোৰ হৃদয় মোহনাত….
সেই দিন ধৰি  হৃদয়ত বৈছিল মাথোঁ
ধুমুহাৰ সলনি মলয় সমীৰ…
ৰঙা শিমলুৰ দৰে ফুলি উঠিছিলা
তুমি মোৰ মনৰ নিজানত…
সৰাপাততে লিখিছিলোঁ
তোমাৰ হৈ এটি কবিতা,
প্ৰেমৰ..!
সংগোপনে সাঁচি ৰাখিলোঁ হৃদয়ত
সেই সকলো স্মৃতি
তুমি যেন ফাগুনে দিয়া …
বিশেষ উপহাৰ এটি…!