চুটি গল্প
প্ৰেমৰ হত্যা
শচীন্দ্ৰ কুমাৰ দাস
ৰূপম বৰকটকী। বিশাল মনৰ গৰাকী তেওঁ। পেছাত এজন ব্যৱসায়ী। ওচৰ-চুবুৰীয়াত তেওঁৰ পৰিচয় খুবেই সুকীয়া। শান্ত-নম্র বেছ ভদ্র প্রকৃতিৰ ব্যক্তি তেওঁ। ক্ষুদ্ৰ পৰিয়াল- পত্নী আৰু দুটি ল’ৰা সন্তানৰ সৈতে তেওঁ সুখেৰে এখন ভদ্র সমাজত বাস কৰি আছে। অঞ্চলস্থ মন্দিৰেই হওঁক বা ৰাজহুৱা অনুষ্ঠানত তেওঁৰ অৱদান অন্যতম।
ৰক্তিম শৰ্মা বৰকটকীৰ কলেজীয়া বন্ধু। ৰাজহুৱা মিটিং এখনত এদিন বৰকটকীয়ে শৰ্মাক লগ পাই তেওঁক মাত দিলে। এ-ৰাঃ তুমি ৰক্তিম শর্মা নহয়নে? সুন্দৰ-সুঠাম দেখনীয়াৰ শৰ্মাৰ আগৰ চেহেৰাৰ অৱনতি বহুখিনি হ’ল। ৰক্তিমে তেওঁৰ চমাযোৰ পিন্ধি লৈ হেঃ ৰূপম বৰকটকী দেখোন! কলেজ সামৰাৰ আজি ইমান বছৰৰ পিছত এনেকৈ লগ পাম বুলি ভবাই নাছিলোঁ হে!
আচলতে ৰক্তিম শৰ্মা আৰু ৰূপম বৰকটকী কলেজীয়া দিনৰ ভাল বন্ধু হয়। মিটিং শেষ কৰি দুয়োজনে ওচৰৰে এখন চাহ দোকানত সোমাল। দুয়োৰে মাজত পুৰণি দিনৰ ভাৱৰ আদান-প্রদান হ’ল। কথাত গম পোৱা গ’ল যে ৰক্তিম শৰ্মাই বিয়া নাপাতিলে। তেওঁ অসমীয়া কৃষ্টি-সংস্কৃতিৰ বস্তুবোৰ বিশ্বদৰবাৰত চিনাকি কৰাৰ মানসেৰে অসমৰ কৃষ্টি-সংস্কৃতিৰ লগত জড়িত সামগ্ৰীৰ ব্যৱসায় কৰে। ব্যৱসায়ৰ জৰিয়তে তেওঁ যথেষ্ট সন্মান লগতে উন্নতিও কৰিছে। কিন্তু বিবাহৰ প্ৰসংগত সোধোতে তেওঁ নিমাত হৈ ৰৈছিল যদিও তেওঁ মোক খুব মৰমো কৰে আৰু সন্মানো কৰে, সেয়েহে সেমেকা চকুৰে তেওঁ কৈ গ’ল- “শুনা ৰূপম, জীৱনত তিতা-মিঠা অভিজ্ঞতা বহুত হ’ল। সমাজৰ বান্ধোনক নেওচিব পৰা ক্ষমতা ভগৱানে মোক নিদিলে আৰু সেইবাবে মই তেওঁক আকোঁৱালি ল’ব নোৱাৰিলোঁ।”
ৰূপম : ৰক্তিম তুমি কি ক’ব বিচাৰিছা মই ধৰিব পৰা নাই?
ৰক্তিম: মই শেৱালীৰ কথা কৈছোঁ।
ৰূপম: শেৱালী! অ’…… শেৱালীতো খুব ভাল, পাকৈত, দেখিবলৈও খুব ধুনীয়া আছিল। কলেজত তোমাৰ আৰু শেৱালীৰ কথাটো সকলোৱে আলোচনাও কৰিছিল। এই যে কালুৰাম গেলামাল দোকানীৰ ল’ৰাজন ‘মনোজ’, শেৱালীক চিঠি দিয়াৰ বাবেইতো দুয়োৰে মাজত কিমান ডাঙৰ যে কাজিয়া হৈছিল মনত আছেনে?
ৰক্তিম: মোৰ সকলো মনত আছে অ’ ৰূপম। এই জনমত কিয়, জীৱনৰ প্ৰতিটো জনমতেই কিজানি মই শেৱালীক পাহৰিব নোৱাৰিম।
ৰূপম : তেন্তে তুমি শেৱালীক বিয়া নাপাতিলা কিয়? তোমালোকৰতো আর্থিক অৱস্থাও খুব ভাল। বংশীৰাম শৰ্মা মহাজনৰ একমাত্ৰ ল’ৰা তুমি। মাটি-বাৰি, ধন-সম্পত্তি অবাধ তোমালোকৰ।
ৰক্তিম : [হুমুনিয়াহ কাঢ়ি] মোৰ দেউতাই জীৱনত কেৱল ধন-সম্পত্তি, বংশমর্যাদা এইবিলাকতে গুৰুত্ব দিছিল। ঘৰৰ একমাত্ৰ ল’ৰা মই। মই কি বিচাৰো, মোৰ সপোন কি এবাৰো তেওঁ বিচাৰ নকৰিলে।
ৰূপম : সেইবিলাক বাদ দিয়া, শেৱালীৰ কথা কোৱা।
ৰক্তিম: শেৱালীৰ কথা কি ক’ম! তাইতো মোক পাগলৰ দৰে ভাল পাইছিল। কিন্তু দেউতাকৰ বাধ্যত তাই আনৰ লগত বিয়াত বহিল।
ৰূপম : কি? শেৱালী ইমান নিষ্ঠুৰনে?
ৰক্তিম : তেনেকৈ নক’বা ৰূপম। শেৱালী তেনেকুৱা নহয়। তাই এক পবিত্ৰ মনৰ, খুব অমায়িক ছোৱালী।
ৰূপম :তেনেহ’লে তাই তোমাৰ লগত কিয় এনেকুৱা কৰিলে?
ৰক্তিম: তুমিতো জানাই! মনোজে শেৱালীক পাবৰ বাবে কিমান চেষ্টা কৰিছিল। সেইবাবে শেৱালী আৰু মোৰ সম্পৰ্ক নষ্ট কৰাৰ বাবে শেৱালীৰ দেউতাকক আমাৰ প্ৰেমৰ কথা লগাই দিছিল।
ৰূপম : সেইটো ঠিকেই আছে। এদিন নহয় এদিন হ’লেওতো শেৱালী ঘৰত কথাটো জনাব লাগিলগৈ নিশ্চয়!
ৰক্তিম: তুমি যেনেকৈ ভাবিছা কথাবোৰ ঠিক সিমান সহজ নাছিল। শেৱালী মাক নোহোৱা ছোৱালী। সৰুতেই তাই মাকক হেৰুৱাইছিল। গতিকে দেউতাকে বহু কষ্ট কৰি তেওঁলোকৰ একমাত্ৰ মৰমৰ ছোৱালী শেৱালীক খুব মৰমেৰে ডাঙৰ-দীঘল কৰিছিল। কিন্তু সমাজত আমাৰ সম্পৰ্কৰ কথা আলোচনা হোৱা বাবে তেওঁ কথাটো সিমান ভাল পোৱা নাছিল।
ৰূপম: শেৱালীৰ দেউতাকে তোমালোকৰ সম্পৰ্কক মানি লোৱা নাছিল নেকি?
ৰক্তিম: আচলতে তেনেকুৱা নহয় ৰূপম। শেৱালীৰ দেউতাক ৰমেন হাজৰিকা এজন খুব ভদ্র লোক। পেছাত যদিও তেওঁ চতুর্থ বৰ্গৰ চৰকাৰী কৰ্মচাৰী, তেওঁ এজন শিক্ষিত জনা-বুজা ব্যক্তি।
ৰূপম : তেতিয়াহ’লে তেওঁ অমান্তি হ’ল কিয়?
ৰক্তিম : তেওঁ প্রথম অৱস্থাত আমাৰ সম্পৰ্কক সন্মান জনাইছিল আৰু শেৱালীৰ কথাত বাধ্য হৈ আমাৰ ঘৰলৈ বিয়াৰ প্ৰস্তাৱ লৈও আহিছিল।
ৰূপম: মই বুজিব পৰা নাই- তেতিয়াহ’লে অসুবিধা ক’ত?
ৰক্তিম : আচলতে অসুবিধা শেৱালীৰ ঘৰৰ ফালৰ পৰা নহয়। মোৰ দেউতাই শেৱালী আৰু মোৰ বিয়াত সন্মতি দিয়া নাছিল। তেওঁ শেৱালীৰ দেউতাকক মোৰ সন্মুখতে অকথ্য, দুর্ব্যৱহাৰ কৰিছিল।
ৰূপম: মই বুজিব পৰা নাই। শেৱালীৰ পৰিয়ালটো বহুত ভাল লগতে শিক্ষিত। শেৱালীও এজনী ৰূপৱতী-গুণৱতী ছোৱালী, তেন্তে খুড়াৰ আপত্তি ক’ত?
ৰক্তিম : মোৰ দেউতাৰ আপত্তি শেৱালী নহয়ও ৰূপম। মোৰ দেউতাৰ আপত্তি হ’ল শেৱালীৰ বংশমর্যাদা। শেৱালী নমঃশূদ্র বৰ্ণ জাতিৰ। তেওঁলোকৰ অতীজসকল মাছমৰীয়া আছিল।
ৰূপম: খুড়াদেউ ইমান শিক্ষিত হৈও বিচাৰ আৰু চিন্তাধাৰা এনেকুৱানে?
ৰক্তিম: কি ক’বা ৰূপম! আমাৰ বংশমর্যাদা ৰক্ষাৰ বাবে মোৰ নিজৰ দেউতাই মোৰ জীৱন ধ্বংস কৰিলে।
ৰূপম: [হুমুনিয়াহ কাঢ়ি] তুমি এনেকৈয়ে জীৱনটো শেষ কৰিব নালাগিছিল ৰক্তিম।
ৰক্তিম: দেউতাই মোৰ বিয়া পতাৰ বহুত চেষ্টা কৰিছিল যদিও মোৰ মনৰ পৰা শেৱালীক আঁতৰাব নোৱাৰিলে। শেৱালীক মই পাহৰিব নোৱাৰিলোঁ ৰূপম। দেউতাই শেষৰ কালত কৈছিল- মই মহাপাপ কৰিছোঁ। তোমাৰ প্ৰেমক হত্যা কৰি মই কিজানি নৰকতো স্থান নাপাম।
ৰূপম: খুড়াদেৱে মহা ভুল কৰিলে। শেৱালী কেনে আছে ৰক্তিম!
ৰক্তিম: শেৱালী বেংকত চাকৰি কৰা খুব ভদ্ৰ ল’ৰা এজনৰ লগত বিয়া হৈছিল। সিহঁতৰ এজনী কন্যা সন্তান আছে।
ৰূপম: শেৱালী ভালে থকা বুলি জানি ভাল লাগিল দিয়া ৰক্তিম।
ৰক্তিম: [সেমেকা চকুৰে] নিয়তি খুব নিষ্ঠুৰ অ’ ৰূপম। ৰাতিপুৱা মৰ্ণিং ৱৰ্ক কৰিব যাওঁতে তীব্রবেগী ডাম্পাৰে মহতীয়াই তেওঁলোকক শেষ কৰি পেলালে।
ৰূপম: [বেজাৰেৰে] দুর্ভাগ্যই এনেকুৱা খেল খেলিছে ৰক্তিম তোমাৰ লগত। শেৱালীৰ ছোৱালীজনী ভালে আছেনে?
ৰক্তিম: শেৱালীৰ মৃত্যুৰ পিছত ময়ো জীৱনটো শেষ কৰাৰ সিদ্ধান্ত লৈছিলোঁ। কিন্তু শেৱালীৰ ছোৱালীজনীক এবাৰ চোৱাৰ হেঁপাহে মোক জীয়াই ৰাখিছে।
ৰূপম: ছোৱালীজনী কিজানি এতিয়া বহুত ডাঙৰ হ’ল!
ৰক্তিম: উমঃ। তাই এতিয়া ডাক্তৰ হ’ল।
ৰূপম: তুমি লগ পোৱানে তাইক?
ৰক্তিম: [এটা উল্লাসৰ হাঁহিৰে সকলো বিষাদ যেন আঁতৰি গৈছে। তাই মোৰ ছোৱালী। নাম তাইৰ ড° অনুস্মিতা শর্মা।
ৰূপম: মই বুজা নাই!
ৰক্তিম: শেৱালীৰ মৃত্যুৰ এবছৰ আগত শেৱালীৰ দেউতাক ঢুকাইছিল। শেৱালীৰ গিৰিয়েকৰ ঘৰখনে শেৱালীৰ ছোৱালীজনীক অনাথ আশ্রমত থ’ব বিচাৰিছিল। এই খবৰটো পাই আইনৰ প্ৰক্ৰিয়াৰে অনুস্মিতাক মোৰ জীয়ৰী কৰি ঘৰলৈ লৈ আহিলোঁ। তাই এতিয়া খুব ভাল ডাক্তৰ।
ৰূপম: অনুস্মিতা শর্মা Heart Specialist! অ’ My God! তেওঁকতো মই লগ পাই থাকোঁ।
ৰক্তিম :উমঃ, তাই মোৰেই ছোৱালী।
তেনেতে অনুস্মিতাৰ ৰক্তিমলৈ ফোন আছিল- পাপা ক’ত তুমি? মেডিচিন লৈছানে? অনুস্মিতাৰ ফোনত ৰক্তিমৰ মুখত হাঁহি বিৰঙনী দেখি আনন্দত হিয়া জুৰ পৰি গ’ল।
সঁচাকৈয়ে ৰক্তিম শৰ্মা এজন মহান ব্যক্তি। তেওঁ বহিৰাজগতত যিমানেই প্রসিদ্ধ তেওঁৰ ব্যক্তিত্ব বহু হাজাৰ গুণেই প্রসিদ্ধ।
ইয়াৰ পিছত দুয়োজনে ইজনে আনজনৰ ফোন নম্বৰ ল’লে। বহুত দিনৰ পিছত দুয়ো বন্ধুৰ মিলনে দুয়োকে একন নষ্টালজিক আমোদ দিলে।
শেষত আকৌ লগ পোৱাৰ হেঁপাহেৰে দুয়োজনে ঘৰমুৱা হ’ল।
-সমাপ্ত-
