প্ৰাথমিক টেট শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ,সমহাৰত দৰমহা,বকেয়া ধন আদিৰ দাবীত প্ৰতিবাদ

প্ৰাথমিক টেট শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ,সমহাৰত দৰমহা,বকেয়া ধন আদিৰ দাবীত প্ৰতিবাদ

ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ বিভন্ন জিলাত কৰ্মৰত প্ৰাথমিক টেট্‌ উত্তীৰ্ণ শিক্ষকে আজি অসম সৰ্বশিক্ষা অভিযান মিছনৰ কাৰ্যালয়ৰ সন্মুখত চাকৰি নিয়মীয়াকৰণ,সমহাৰত দৰমহা,বকেয়া ধন আদিৰ দাবীত হাজাৰ হাজাৰ শিক্ষকে শ্লোগানেৰে আকাশ বতাহ মুখৰিত কৰি তোলে৷এই আন্দোলন কাৰ্যসূচীত যোগ দিয়াৰ বাবে বিভিন্ন জিলাৰ পৰা পুৱাৰে পৰা যুৱক,যুৱতী,বিবাহিত পুৰুষ,মহিলা শিক্ষকৰ সোত বোৱা দেখা যায়৷একাংশ শিক্ষকে গণেশগুৰি আৰু আন একাংশই লালগণেশ হৈ আন্দোলন স্থলীৰ ফালে পদপথেৰে যোৱাৰ সময়তে আৰক্ষী বাহিনীৰ দলটোৱে বাধা প্ৰদান কৰে যদিও বাধা নেওচি আন্দোলন স্থলীত যোগদান কৰে৷ঠিক তেনেদৰে আৰক্ষী বাহিনীয়ে আন্দোলনটো চচললৈ নিয়াৰ বাবে চেষ্টা কৰে যদিও শিক্ষকৰ হাৰ ক্ৰমান্বয়ে বৃদ্ধি হোৱাত সম্ভৱ হৈ নুঠিল৷প্ৰায় তিনিঘন্টা জুৰি চলা আন্দোলনত কাহিলীপাৰাৰ বাট পথত চলা পথচাৰী, যানবাহন আৰোহী,চালকে যাতায়াতৰ সময়ত বাৰুকৈয়ে জীয়াতু ভূগিবলগীয়া হয়৷আন্দোলনৰ প্ৰকোপ বৃদ্ধি পাবলৈ ধৰাৰ সময়তে অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা বিভাগৰ বিশেষ আয়ুক্ত সচিব প্ৰীতম শইকীয়া ঘটনাস্হলীত উপস্হিত হয়৷টেট্‌ শিক্ষকৰ ছয় দফীয়া দাবী সম্বলিত স্মাৰক পত্ৰ এখন টেট্‌ শিক্ষক সমাজে তেওঁৰ জৰিয়তে মুখ্যমন্ত্ৰলৈ প্ৰেৰণ কৰে৷তেওঁ উক্ত সমস্যাসমূহ সমাধানৰ আশ্বাস দিয়াত টেট্ শিক্ষকসকলে আন্দোলন স্থগিত ৰাখে৷হাজাৰ হাজাৰ টেট্ শিক্ষকৰ প্ৰতিবাদক লৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়-শিক্ষক,অধ্যাপকে আন্দোলন কৰাটো মই সমৰ্থন নকৰো৷কোনো চৰকাৰী কৰ্মচাৰীয়ে আন্দোলন কৰাটো মই সমৰ্থন নকৰো৷অসমৰ মানুহে আন্দোলন বৰ্জিত পৰিৱেশ বিচাৰে৷চৰকাৰে যদি কিবা নিদিয়ে ন্যায় আছে,আদালত আছে৷ক্লাছ এৰি আন্দোলন কৰটো গ্ৰহণযোগ্য হ’ব নোৱাৰে৷ঠিক তেনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শিক্ষামন্ত্ৰী ডা° ৰণোজ পেগুয়ে কয়-এটকা খৰচ নকৰাকৈ সমহাৰত দৰমহা পোৱাৰ লগতে বকেয়াৰ ধন লাভ কৰিব৷এখন তামোল নিদিয়াকৈ আপোনালোকে চাকৰি লাভ কৰিছে৷৬০ বছৰলৈকে চাকৰি থাকিব বুলি গ্যাৰন্টি দিছে চৰকাৰে৷সেই গ্যাৰন্টিৰ সাক্ষৰ কৰিছে শিক্ষকে৷মাত্ৰ কেইদিনমান ধৈৰ্য ধৰিব লাগিব৷আন্দোলন স্হলীত সদৌ অসম প্ৰাথমিক টেট্ উত্তীৰ্ণ শিক্ষক সমাজৰ সভাপতি ত্ৰৈলোক্য ডেকা আৰু সাধাৰণ সম্পাদক মিৰাজুল ৰছিদ,দীপাৰ্ণব ঘোষে কয়- অসমৰ বিভিন্ন জিলাত কৰ্মৰত প্ৰাথমিক টেট্ উত্তীর্ণ প্রায় চল্লিশ হাজাৰ ঠিকাভিত্তিক ( সৰ্বশিক্ষা আৰু ষ্টেটপুল ) শিক্ষক দীর্ঘদিন ধৰি প্ৰাপ্য বিভিন্ন সুবিধাৰ পৰা দুৰ্ভাগ্যজনকভাৱে বঞ্চিত হৈ আছে । ইতিমধ্যে জীৱনৰ সুদীর্ঘ প্রায় দহবছৰ কাল শিক্ষকতাৰ সেৱাত নিয়োজিত থাকি তথা ২০১৩ চনৰ পৰা আৰ.অ.পি অনুসৰি দৰমহা লাভ কৰিও বর্তমানে এইসকল শিক্ষক বঞ্চিত হৈ আছে । সমস্যাসমূহ সমাধানৰ বাবে বিভিন্ন পৰ্যায়ত প্ৰতিশ্ৰুতি তথা বিভিন্ন চৰকাৰী সিদ্ধান্ত লোৱা হৈছিল যদিও পৰৱৰ্তী সময়ত তাৰ বাস্তৱ ৰূপায়ণ দেখা নগ’ল । ‘ শিক্ষাৰ অধিকাৰ আইন’ৰ অধীনত নিযুক্তিপ্রাপ্ত এইসকল শিক্ষকক প্ৰাৰম্ভিকতেই ‘স্থায়ী আৰু প্ৰশিক্ষণপ্রাপ্ত’ কেডাৰৰূপে নিয়োগ নকৰাৰ ফলশ্ৰুতিত “সম কামৰ সম মর্যাদা’ বহুলাংশে নস্যাত হোৱাৰ লগতে বিভিন্ন সা – সুবিধাৰ পৰা পদে পদে বঞ্চিত হৈ ৰৈছে । সমস্যাসমূহৰ সুদূৰপ্ৰসাৰী আৰু দীৰ্ঘম্যাদী সমাধান ’বেতন সুৰক্ষাসহ নিয়মীয়াকৰণ’ৰ বাবে বাৰে বাৰে আবেদন জনোৱাৰ পাছতো বৰ্তমানলৈ চৰকাৰৰ কোনোধৰণৰ ধনাত্মক পদক্ষেপ পৰিলক্ষিত হোৱা নাই । বৰঞ্চ শিক্ষামন্ত্রীত্বৰ কালৰ ২০২০ বৰ্ষৰ অসম চৰকাৰৰ কেবিনেট সিদ্ধান্তৰে ১ জুলাই ২০২০ ইং তাৰিখে প্ৰকাশ পোৱা ৰাজ্যপালৰ অনুমোদিত নিৰ্দেশনাযোগে প্ৰদানৰ প্ৰতিশ্ৰুতি দিয়া সুবিধাৰাজিও আজিকোপতি এইসকল শিক্ষকে লাভ কৰিবলৈ সক্ষম নহ’ল । যাৰ পৰিপ্ৰেক্ষিতত দীর্ঘদিন ধৰি পাই অহা বহু সুবিধাৰ পৰাও দুর্ভাগ্যজনকভাৱে হঠাৎ বঞ্চিত হৈ ৰ’বলগা পৰিৱেশ সৃষ্টি হৈছে যিয়ে শিক্ষকসকলক ভৱিষ্যতৰ প্ৰতি পদে পদে শংকাত ৰাখিছে । এইক্ষেত্ৰত বিভাগীয় মন্ত্ৰীৰ সৈতে হোৱা আনুষ্ঠানিক আলোচনাও মুৰকত ফলাফলহীন হ’ল । তাৰেই দুখ আৰু ক্ষোভৰ ৰহিঃপ্রকাশ স্বৰূপে ‘ সদৌ অসম প্রাথমিক টেট্‌ উত্তীর্ণ শিক্ষক সমাজ’ৰ আহ্বানত শিক্ষকসকলে একান্ত অনিচ্ছাস্বত্তেও এলানি গণতান্ত্রিক আন্দোলন চলাই যাবলৈ বাধ্য হৈ পৰিছে৷ ’শিক্ষাৰ অধিকাৰ আইন’ৰ অধীনত নিয়োজিত টেট্ উত্তীর্ণ ঠিকাভিত্তিক শিক্ষকসকলৰ চাকৰি বিনাচৰ্তে বেতন সুৰক্ষাসহ নিয়মীয়াকৰণ’ৰ দ্বাৰা শিক্ষকসকলক ন্যায় প্ৰদান কৰিব লাগে৷বিগত ২০১৩ বৰ্ষৰ পৰাই আৰ . অ’.পি . অনুসৰি দৰমহা লাভ কৰাৰ পাছতো দুৰ্ভাগ্যজনক কাৰণত ২০১৯ বৰ্ষৰ পৰাই বৰ্দ্ধিত মৰগীয়া বানচ এইসকল শিক্ষকে লাভ কৰা নাছিল । শেহতীয়াকৈ জানুৱাৰী মাহৰ পৰা বর্ধিত ৫ % মৰগীয়া বানচ লাভ কৰিছে যদিও বর্তমানেও সুদীৰ্ঘ ৩০ মাহৰ বকেয়াৰ পৰা এইসকল শিক্ষক বঞ্চিত হৈ আছে । ইয়াৰ উপৰি চৰকাৰে নিয়মীয়া কৰ্মচাৰীসকলক প্ৰদান কৰি থকা ১১ % আৰু ৩ % মৰগীয়া বানচ আৰু তাৰ বকেয়াসমূহ প্ৰদানৰ কোনো নির্দেশনা বিভাগীয়ভাৱে প্ৰকাশ পোৱা নাই । যিটোৱে ২০১৭ চনৰ পৰা সপ্তম দৰমহা আয়োগৰ অধীনত সৰ্বশিক্ষাৰ অন্তৰ্গত টেট্ শিক্ষকক দৰমহা প্ৰদানৰ বিভাগীয় নির্দেশনা তথা ২০২০ বৰ্ষৰ ১ জুলাই তাৰিখৰ অসম চৰকাৰৰ কেবিনেট সিদ্ধান্তৰ ৰাজ্যপালৰ নিৰ্দেশনাত উল্লেখ থকা সকলো কথা অৱমাননা কৰি স্বাভাৱিকতে শিক্ষকসকলক বিদ্ৰোহী কৰি তুলিছে৷ শিক্ষামন্ত্রীত্বৰ কালতে অর্থাৎ ২০২০ বৰ্ষৰ ১ জুলাইত কেবিনেট সিদ্ধান্তৰে প্ৰকাশিত ৰাজ্যপাল নিৰ্দেশনাখন কাৰ্যকৰী কৰি এইসকল শিক্ষকক দিয়া লিখিত প্ৰতিশ্ৰুতি পালনৰ দাবী জনালোঁ । ইয়াৰ সুবিধাৰাজি বিশেষকৈ ‘ মেডিকেল বি – ইম্বার্চমেন্ট ‘ , ‘ বেংকলোনৰ সুবিধা তথা অন্যান্য সকলো সুবিধা অনতিপলমে শিক্ষকসকলক প্রদান কৰি সাময়িক সকাহৰ ব্যৱস্থা কৰিব লাগে৷ সৰ্বশিক্ষাৰ অধীনৰ শিক্ষকসকলক সাময়িক সকাহ হিচাপে এন.পি.এচ , মৃত্যুকালীন সা – সুবিধা , চাৰ্ভিচ বুক , এম.এ.চি.পি.এচ. ৰ সুবিধা তথা ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক শিক্ষক বঁটাৰ বাবে আবেদনৰ সুবিধা প্ৰদান কৰিব লাগে৷ সপ্তম দৰমহা আয়োগৰ দৰমহা প্ৰদানৰ সময়ত দৰমহা গাঁথনিত ৰৈ যোৱা আসোঁৱাহসমূহ নিৰ্মূল কৰিব লাগে৷বদলিকৰণ আইনৰ কিছু সংশোধনৰ জৰিয়তে হ’লেও বহিঃজিলাত বহুবছৰ ধৰি কৰ্মৰত শিক্ষকসকলক গৃহজিলালৈ বদলিকৰণৰ সুবিধা প্ৰদান কৰা, তথা ষ্টেটপুল – এচ.এচ.এ শিক্ষকৰ মাজত বুজাবুজিৰ বদলিকৰণৰ সুবিধা প্ৰদান কৰিব লাগে৷চলিত মাৰ্চৰ ভিতৰত সমস্যাসমূহ সমাধান নকৰিলে আগন্তুক পহিলা এপ্ৰিলৰ পৰাই আমি শিক্ষকসকলৰ আৱেগ আৰু ক্ষোভক বাধা দিবলৈ অপাৰগ হ’ম আৰু গণতান্ত্ৰিকভাৱে পুনৰ আন্দোলন কাৰ্যসূচী সমূহ ৰূপায়ণ কৰিবলৈ বাধ্য থাকিম৷আনহাতে সমস্যাসমূহৰ ন্যায্যতা অনুসৰি সমাধান নহ’লে আগন্তুক গুণোৎসৱতো ঠিকাভিত্তিক কৰ্মৰত সৰ্বশিক্ষাৰ অন্তৰ্গত প্রাথমিক টেট উত্তীর্ণ শিক্ষকসকলে অসহযোগ কৰিবলৈ বাধ্য থাকিব ৷ শিক্ষকসকলে ধৈৰ্যৰ অপেক্ষা কৰা আৰু আস্থা ৰাখি প্ৰাপ্যৰ বাবে ৰৈ থকাৰ সময় ইতিমধ্যে উকলি গৈছে বুলি শিক্ষকসকল প্রায় নিশ্চিত হৈ পৰিছে । উল্লিখিত সময়ৰ ভিতৰত প্ৰাপ্য আদায়ৰ কোনো ইতিবাচক পদক্ষেপ নেদেখিলে সাময়িকভাৱে স্থগিত আন্দোলনৰ সকলো কাৰ্যসূচী তীব্ৰভাৱে চলাই নিবলৈ শিক্ষক সমাজ বাধ্য হ’ব৷