প্ৰবীণ সাংবাদিক- সাহিতি্ক হোমেন বৰগোহাঞিৰ মৃত্যুত ‘জা’ আৰু‘এন ইউ জে আই’ৰ শোক

প্ৰবীণ সাংবাদিক- সাহিতি্ক হোমেন বৰগোহাঞিৰ মৃত্যুত ‘জা’ আৰn ‘এন ইউ জে আই’ ১ শোক

যুগদ্ৰষ্টা সাংবাদিক- সাহিতি্ক হোমেন বৰগোহাঞিৰ মৃত্যুত জাৰ্নেলিষ্ট এছ’চিয়েছন অৱ আসাম, চমুকৈ ‘জা’ আৰু নেশ্যনেল ইউনিয়ন অৱ জাৰ্নেলিষ্ট ইণ্ডিয়া, ‘এন ইউ জে আই’ য়ে গভীৰ শোক প্ৰকাশ কৰিছে । এক শোক বাৰ্তাত এন ইউ জে আইৰ ৰাষ্ট্ৰীয় উপ সভাপতি তথা ‘জা’ ১ মুখ্য উপদেষ্টা ভূপেন গোস্বামী আৰু ‘জা’ৰ সভাপতি ধীৰেন্দ্ৰ নাথ চক্ৰৱত্তী, কাৰ্যকৰী সভাপতি অনুপ বিশ্বাস, উপ সভাপতি সন্দীপ শৰ্ম্মা, ময়ুখ গোস্বামী, সাধাৰণ সম্পাদক ডালিম ফুকন, সম্পাদক সুদীপ শৰ্ম্মা চৈাধুৰীয়ে কয় যে অসমীয়া সাহিত্য আৰু সংবাদ জগতৰ মহীৰূহ হোমেন বৰগোহাঞিয়ে অসম তথা দেশৰ সাংবাদিকতাৰ ক্ষেত্ৰলৈ আগবঢ়োৱা বিশিষ্ট অৱদান অনস্বীকাৰ্য । হোমেন বৰগোহাঞিৰ মৃত্যুত অসমৰ সাহিত্য আৰু সংবাদ জগতৰ অন্য এক অপূৰণীয় ক্ষতি বুলি অভিহিত কৰি নৰ্থইষ্ট জাৰ্নেলিষ্ট ওৱেলফেয়াৰ ফাউণ্ডেশ্বনে শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে।