প্রেমৰ মৃত্যু – মিতালি বৰঠাকুৰ

Pc Unsplash

প্রেমৰ মৃত্যু

মিতালি বৰঠাকুৰ
মালিগাওঁ ,আদৰ্শ কলনী

আকাশখন খহি পৰা আবেলি
তাই লঠঙা শিমলু জোপাৰ তলত
আপোন পাহৰা হৈ  চাই আছিল
এটা দিনৰ অৱসান ঘটাই
বেলিতো বিলীন হোৱা নীলিম আকাশ খনিলৈ ,
য’ত মৃত্যু হৈছিল এটি প্ৰেমৰ কবিতাৰ
হাহাকাৰ কৰিছিল এটি সুপ্ত জীৱনে
মৃত্যু হৈছিল মানবতাৰ
যন্ত্ৰণাত ছটফটাইছিল তেজ -মঙহৰ
কোনো জন্মদাত্ৰী মাতৃৰ বুকুৰ কলিজাই
কাতৰ স্বৰে তাই প্ৰাৰ্থনা কৰিছিল
জীৱন দানৰ বাবে
লাহে লাহে নিষ্ক্ৰিয় শৰীৰটোৰ পৰা
তাইৰ প্ৰাণ বায়ু উৰি গৈছিল
এক অজান দেশলৈ – –
য’ত এনে পাশবিকতাৰ স্থান নাই
দয়া – ক্ষমা – মানৱতা
আজি যেন সকলো নিঃশেষ হৈ আহিছে
এচাম নৰ পিশাচৰ বাবে – –