প্রতি প্লেট কণীত ৩০ টকাকৈ দাম বৃদ্ধি

Pc Trade India

প্রতি প্লেট কণীত ৩০ টকাকৈ দাম বৃদ্ধি

ৰঙিলী বাৰ্ত্তাসেৱা- সৰ্বসাধাৰণৰ মূৰত পুনৰ ৰামটাঙোন পুনৰ কণীৰ মূল্য বৃদ্ধি পাইছে। প্ৰতি প্লেট কণীৰ দাম ৩০ টকাকৈ বৃদ্ধি পোৱাৰ ফলত বজাৰত এতিয়া প্ৰতি প্লেট কণীৰ দাম প্ৰায় ২৫০ টকাৰ পৰা ৩০০ টকাৰ ভিতৰত বিক্ৰী হৈছে। উল্লেখ্য যে শুকুৰবাৰে সন্ধিয়াৰ ভাগলৈকে ৰাজ্যৰ বজাৰত ৭ টকাকৈ উপলব্ধ হৈ থকা সাধাৰণ কণী শনিবাৰে পুৱাৰে পৰা ৯ টকাকৈ বিক্ৰী হৈ আছে। সাধাৰণ ফাৰ্মৰ কণীৰ লগে লগেই বৃদ্ধি পাইছে বাহুবলীৰ দৰে ব্ৰেণ্ডেড ফাৰ্মৰ কণীৰ দামো। একাংশ ব্যৱসায়ীয়ে সদৰী কৰা মতে, কালি দিনৰ ভাগলৈকে এক প্লেট অর্থাৎ ৩০টা সাধাৰণ কণী ২১০ টকা দামত বিক্রী হৈ আছিল। একেদৰে বাহুবলীৰ দৰে ব্ৰেণ্ডত কণী প্লেটে প্রতি ২৭০ টকাকৈ বজাৰত উপলব্ধ হৈছিল। কিন্তু সেই একেই সাধাৰণ কণী প্লেটত ২৪০ টকা আৰু ব্রেণ্ডেড বাহুবলী কণী ৩০০ টকাকৈ বিক্রী কৰিবলগীয়া হৈছে। সকলোৰে বাবে সুলভ হৈ থকা কণীৰ প্লেটত নিশাটোৰ ভিতৰতে কি কাৰণত ৩০ টকাকৈ বৃদ্ধি কৰিবলগীয়া হ’ল বুলি সোধা প্ৰশ্নৰ উত্তৰত একাংশ ব্যৱসায়ীয়ে ইয়াৰ বাবে পেট্ৰ’ল-ডিজেলৰ বর্ধিত দামক দোষাৰোপ কৰে। ব্যৱসায়ীসকলৰ মতে, পেট্ৰ’ল-ডিজেলৰ দামে শতকৰ ঘৰ অতিক্ৰম কৰাৰ পিছৰে পৰাই পৰিবহণ ব্যয় পূৰ্বৰ তুলনাত বাঢ়িছে। যাৰবাবে পাইকাৰী বজাৰতো কণীৰ দাম বাঢ়িছে। যিহেতুকে অসমত নিতৌ প্রয়োজনীয় কণীৰ অধিকাংশই বহিঃৰাজ্যৰ পৰা আনিবলগীয়া হয়, গতিকে এই দাম বাঢ়িছে। ব্যৱসায়িক মহলৰ মতে, উৎসতে দাম বঢ়াৰ বাবে ইয়াতেও দাম বঢ়াবলগীয়া হৈছে।