অসমত চৰকাৰী ভূমি আবণ্টনৰ বাবে ৩ প্ৰজন্মৰ নিয়ম
ৰঙিলী বাৰ্ত্তাসেৱা- মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত ৰাজ্যিক কেবিনেট বৈঠক অনুষ্ঠিত হয়। এই ৰাজ্যিক কেবিনেটত চৰকাৰী ভূমি আবণ্টন দিয়াৰ ক্ষেত্ৰত এক স্থিৰ নীতি গ্রহণ কৰে। সেইমর্মে ভূমি নীতিৰ সংশোধন অনুসৰি বৈধ নথিপত্ৰৰ ভিত্তিত ১৯৭১ চনৰ ২৪ মাৰ্চৰ পূৰ্বে শৰণাৰ্থী হিচাপে অসমলৈ অহা লোকসকলক বাদ দি চৰকাৰী ভূমি আবণ্টনৰ ক্ষেত্ৰত কেৱল সেইসকল লোককহে ভূমিহীন ব্যক্তি হিচাপে গণ্য কৰা হ’ব, যিসকলৰ পৰিয়ালৰ অন্ততঃ তিনিটা প্রজন্ম ধৰি অসমত বসবাস কৰি আহিছে। কার্যতঃ তিনিটা প্ৰজন্মৰ পৰিয়ালেহে এই সংশোধনী অনুসৰি চৰকাৰী ভূমিৰ আবণ্টন লাভ কৰিব পাৰিব। আনহাতে কেবিনেটে অসম ভেঞ্চাৰ শিক্ষানুষ্ঠান (সেৱা প্ৰাদেশিকীকৰণ) আইন-২০১১ আৰু ২০১৩ চনৰ সংশোধিত ব্যৱস্থাৰ অধীনত সৃষ্টি কৰা পদসমূহ স্থায়ীভাৱে বাহাল ৰখাৰ প্ৰস্তাৱত অনুমোদন জনায়। কেবিনেটে অসম ৰাজ্যিক উচ্চ শিক্ষা পৰিষদ (এএছএইচইচি) ৰ পুনৰ গঠনত অনুমোদন দিছে। একেদৰে কেবিনেটে মিছন চাৰিআলিত চাৰিলেনযুক্ত উৰণ সেতু নিৰ্মাণৰ বাবে ৪৭৪.২৫ কোটি টকাৰ প্ৰশাসনিক অনুমোদনৰ পুনৰ বৈধতা প্রদানত অনুমোদন জনায়।
