পোহৰৰ উৎসৱ দীপাৱলী আৰু কালীপূজাৰ সাত্বিকতা
প্ৰিয়ম ৰাগিণী
শৰত মানেই শীতল সমাহিত সময় এখিনি যেন।ভাল লগা অনুভূতিৰে সিক্ত সময়।আহিনীয়া সময় সামৰি পৰিৱেশত কাতি মাহে ভুমুকি মৰাৰ লগে লগে উৎসৱ উৎসৱ ভাৱ এটাই মনবোৰলৈ ভাললগা ভাৱ এটাক আমন্ত্ৰণ কৰি ৰাখে।মহিষমৰ্দিনী দুৰ্গোৎসৱৰ আনন্দত মতলীয়া হৈ থকাৰ মাজতে সেই সময়খিনিৰপৰা নিজক আঁতৰাই অনাৰ লগে লগে মানুহৰ মনলৈ দীপাৱলী আৰু কালীপূজাৰ ভাৱ এটাই আকৰ্ষিত কৰি থাকে।দীপাৱলী পোহৰৰ উৎসৱ।উৎসৱ আয়োজনৰ লগতে ধৰালৈ পোহৰক আহ্বান জনাই আন্ধাৰক নাশিবলৈ মানুহে কৰা প্ৰয়াসৰ অন্য নামেই হৈছে দীপাৱলী।
শৰৎ কালত পালন কৰা হিন্দু ধৰ্মৰ আটাইতকৈ জাকজমকতাপূৰ্ণ উৎসৱটোৰ নামে হৈছে দীপাৱলী ৷ কাতি মাহৰ অমাৱস্যা তিথিৰ দিনা ‘দীপাৱলী’পালন কৰা হয় ৷এই উৎসৱক পোহৰৰ উৎসৱ বুলিও কোৱা হয় ৷ সেয়ে, অন্ধকাৰক বিনাশ কৰিবলৈ, শাৰী শাৰী বন্তি প্ৰজ্বলনেৰে চৌদিশে পোহৰাই তোলা হয় দীপাৱলীৰ নিশা ৷দীপাৱলী আয়োজনৰ আগতে ঘৰদুৱাৰ ৰং তেল দি ঘৰৰ চৌপাশ চাফ্চিকুন কৰা হয়।মনৰ মাজত আধ্যাত্মিক ভাৱৰাশিৰ লগতে উৎসৱ আয়োজনৰ উৎসাহে মানুহৰ মনবোৰলৈ সতেজতা কঢ়িয়াই আনে।
যুগ-যুগান্তৰপৰাই দীপাৱলী পালন কৰি অহা হৈছে যদিও এই দীপাৱলী পালনৰ অন্তৰালত কেইবাটাও পৌৰাণিক আখ্যান জড়িত হৈ আছে বুলি জনা যায় ৷
ৰামায়ণৰ মতে, ত্ৰেতা যুগত ভগৱান ৰামচন্দ্ৰই পিতৃৰ আজ্ঞা পালি চৈধ্য বছৰ বনবাসৰ অৱসান ঘটাই পত্নী সীতা আৰু ভাতৃ লক্ষ্মণ সহিতে অয্যোধ্যালৈ উভতি অহাৰ দিনা ৰাজ্যৰ প্ৰজাগণে আনন্দতে চাকি-বন্তি জ্বলাই চৌদিশে পোহৰেৰে আলোকিত কৰি তেওঁলোকক আদৰণি জনাই আনন্দ-উৎসৱ কৰিছিল ৷ তেতিয়াৰপৰাই এই দীপাৱলী পালন কৰা হয়।
দ্বাপৰ যুগত ভগৱান শ্ৰীকৃষ্ণ আৰু ভূমি দেৱীৰ পুত্ৰ নৰকাসুৰে ব্ৰহ্মাৰপৰা বৰ লৈ অহঙ্কাৰী হৈ তিনিও লোকতে ত্ৰাসৰ সৃষ্টি কৰিছিল। নৰকাসুৰৰ অত্যাচাৰত তিষ্ঠিব নোৱাৰি দেৱতাসকলে শ্ৰীকৃষ্ণৰ শৰণাপন্ন হৈছিল। শ্ৰীকৃষ্ণই নৰকাসুৰক বধ কৰি পাপৰ বিনাশ ঘটাই সমস্ত জগতক উদ্ধাৰ কৰিছিল।অত্যাচাৰী নৰকাসুৰৰ নিধনত সকলোৱে আনন্দিত হৈ চাকি-বন্তি জ্বলাই আনন্দোল্লাস কৰিছিল। তাৰেই পৰিপ্ৰেক্ষিতত দীপাৱলী পালন কৰি অহা হৈছে বুলি আন এক প্ৰবাদ প্ৰচলিত হৈ আহিছে।
যিয়েই নহওঁক, এই আখ্যানবোৰ বিশ্লেষণ কৰিলে দেখা যায় যে দীপাৱলী পালনৰ তাৎপৰ্য হৈছে – দুষ্টক দমন, শিষ্টক পালন অৰ্থাৎ অন্যায়ৰ বিৰুদ্ধে ন্যায়ৰ জয় ৷ অসূয়া-অপ্ৰীতি,অপশক্তিক নিৰ্মূল কৰি সুখ-শান্তি স্থাপন কৰাই হৈছে দীপাৱলী পালনৰ মূল তত্ত্ব।কিন্তু বিগত কিছু বছৰৰ পৰা দীপাৱলীৰ সাত্ত্বিকতাতকৈ জাকজমকতা তথা প্ৰদৰ্শনকামীতাইহে প্ৰাধান্য পাই অহা দেখা গৈছে। পোহৰৰ উৎসৱ দীপাৱলী ক্ৰমান্বয়ে শব্দ-বাৰুদৰ উৎসৱলৈ পৰিৱৰ্তিত হৈছে। দীপাৱলী পালনৰ প্ৰকৃত উদ্দেশ্য যেন ক’ৰবাতে পৰি ৰ’ল।শান্তি স্থাপনতকৈ শান্তি-শৃংখলা বিঘ্নিত কৰি দীপাৱলীৰ নামত ৰাতি পুৱালৈকে ফুটোৱা আতচবাজীবোৰৰ বিকট শব্দ আৰু ধোঁৱাই বাৰুকৈয়ে শব্দ আৰু বায়ু প্ৰদূষনৰ সৃষ্টি কৰে। যি অত্যন্ত বিপদজনক আৰু ক্ষতিকাৰক হৈ পৰে। সুস্থ মানুহকো অসুস্থ কৰি তোলে।দীপাৱলীৰ পাছৰ সময়খিনিত প্ৰায়ে মানুহৰ অসুখ বিসুখ হোৱা দেখা যায়।
বৰ্তমান ৰং-বিৰঙৰ বিজুলী বাতিৰে চৌদিশে পোহৰাই আলোকিত কৰি তোলা হয়,যদিও তাহানিৰ সেই দীপাৱলীৰ মাদকতা আজি পাবলৈ নাই ৷ তাহানিৰ দিনত সৰু-ডাঙৰ সকলোৰে সহযোগত যি আনন্দ, উৎসাহ-উদ্দীপনাৰে দীপাৱলী পালন কৰি এক সুকীয়া মাদকতা বা আনন্দ লভাৰ সুযোগ পোৱা গৈছিল, সাম্প্ৰতিক সময়ৰ বৈদ্যুতিক আলোকসজ্জাই মনত সেই আনন্দ বা সুখানুভূতি দিব নোৱাৰে ৷সেইবোৰ স্মৃতি মাথোঁ এতিয়া মিঠা সোঁৱৰণী হৈ ৰৈছে ৷পৰিৱৰ্তনৰ ঢৌৱে সকলোবোৰ উটুৱাই লৈ গৈছে প্ৰায় ৷
সেইবাবে আমি সকলোৱে পৰম্পৰাগত থলুৱা মাটি চাকি ব্যৱহাৰ কৰি আমাৰ থলুৱা মৃৎশিল্পীসকলকো আৰ্থিকভাৱে এটা সকাহ দিবলৈযত্ন কৰিব লাগে বুলি ভবাৰথল আছে আৰু তেতিয়া দীপাৱলীৰ ঐতিহ্যও অটুত থাকিব বুলি দৃঢ়বিশ্বাস৷
আহক, আমি সকলোৱে মিলি এক প্ৰদূষণমুক্ত দীপাৱলীৰ উপভোগ কৰোঁ ৷
কালীপূজা…
কালীপূজা হৈছে দেৱী কালীৰ প্ৰতি উৎসৰ্গিত এক মুখ্য হিন্দু উৎসৱ। আনহাতে দীপাৱলীৰ সময়ত অমাৱস্যা তিথিত লক্ষ্মী দেৱীৰ উপাসনা কৰা হয়।পশ্চিম বংগ, উৰিষ্যা আৰু অসমকে ধৰি পূৱ ভাৰতে কাতি মাহত কালীদেৱীক উপাসনা কৰে।কালী পূজাক শ্যামা পূজা বুলিও কোৱা হয়, বিশ্বাস কৰা হয় যে কালীদেৱীয়ে আপোনাৰ মোৰ চাৰিওফালে নেতিবাচক ঢৌ বোৰ আঁতৰাই ৰাখে, সকলো ধৰণৰ অশুদ্ধি কাটি দিয়ে আৰু আপোনাৰ মোৰ ঘৰখন সুখেৰে ভৰাই তোলে।কালী পূজাত বহু লোকে হাঁহ-পাৰ,ছাগলী কোমোৰা বলি দি সৰ্বাংগীণ উন্নতিৰ লগতে ঘৰখনৰো উন্নতি কামনা কৰে।পৌৰাণিক কাহিনী অনুসৰি, যেতিয়া ৰাক্ষসবোৰৰ সৈতে মা কালীৰ বিজয় নিশ্চিত হৈছিল, তেতিয়া তেওঁ ইমান খঙত নাচিছিল যে পৃথিৱীখন তেওঁৰ তলত কঁপি উঠিছিল। দেৱতাৰ অনুৰোধত শিৱই তেওঁক ৰখাবলৈ তেওঁৰ সন্মুখত শুই দিছিল। যেতিয়া তেওঁ দুৰ্ঘটনাক্ৰমে তেওঁৰ ওপৰত ভৰি দিছিল, তেতিয়া তেওঁৰ ভুল অনুভৱ কৰি জিভা খন বাহিৰ কৰি শান্ত হৈছিল।
কালী বৰ সক্ৰিয় দেৱী বুলি মান্য কৰা হয়।ব্যক্তি বিশেষৰ লগতে সমজুৱাকৈও কালীপূজা অনুষ্ঠিত কৰা দেখা যায়।
দীপাৱলী আৰু কালীপূজা একেলগে অনুষ্ঠিত কৰা হয়।
