পুশ্ববেকক লৈ শ্ৰীভূমিৰ ভাৰত-বাংলা সীমান্তৱৰ্তী বিলবাৰীত তীব্র উত্তেজনা

Pc India Today NE

পুশ্ববেকক লৈ শ্ৰীভূমিৰ ভাৰত-বাংলা সীমান্তৱৰ্তী বিলবাৰীত তীব্র উত্তেজনা

ৰঙিলী বাৰ্ত্তাসেৱা- সীমান্তত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলাৰ পাছতো অব্যাহত আছে অনুপ্ৰৱেশ। একাংশ দালালৰ সহযোগত সীমান্ত সুৰক্ষা বাহিনী (বিএছএফ)ৰ চকুত ধূলি মাৰি অসম-পশ্চিমবংগ সংলগ্ন সীমান্তৰে ভাৰতভূমিত প্ৰৱেশ কৰা বাংলাদেশী নাগৰিকক পুশ্ববেকৰ পদক্ষেপ লোৱা হৈছে। এই পুশ্ববেকক কেন্দ্ৰ কৰি সীমান্তত যুদ্ধসদৃশ পৰিস্থিতিৰ সূত্রপাত হয়।  আনকি বাংলাদেশ ব’ৰ্ডাৰ গাৰ্ড (বিজিবি)-বিএছএফৰ মাজত সংঘাতৰো উদ্ভৱ হয়।  প্ৰাপ্ত তথ্য অনুসৰি বিলাবাৰী সীমান্ত অঞ্চলৰ নিউ পিল্লাথল নামৰ ঠাইত এদল বাংলাদেশী অনুপ্ৰৱেশৰ সময়তে ধৰা পেলাই স্বদেশলে ঘূৰাই পঠিয়াবলৈ বিএছএফে চেষ্টা কৰিছিল। এই পুশ্ববেক কৰিবলৈ লওঁতেই বিজিবিয়ে কার্যতঃ বিএছএফক সকীয়নি প্রদান কৰে। অকল বিজিবিয়েই নহয়, এইক্ষেত্রত সহযোগিতা কৰে সীমান্তৰ সিপাৰৰ বাংলাদেশী নাগৰিকেও। শ শ বাংলাদেশীয়ে হাতে হাতে দা, যাঠী-জোং, বাঁহ আদি লৈ সীমান্তলৈ ওলাই আহি পুশ্ববেকৰ বিৰুদ্ধে হুংকাৰ দিয়ে।ইয়াৰ সমান্তৰালভাৱে পুশ্ববেক কৰিলে বিএছএফক গুলীওৱাৰো ভাবুকি দিয়ে বিজিবিয়ে। বিজিবিৰ নিউ পাল্লাথল কেম্পস্থিত ৫২নং বেটেলিয়নৰ তৰফৰ পৰা মাইকযোগে বিএছএফক সকীয়াই দিয়ে যে কোনোধৰণৰ পুশ্ববেক মানি লোৱা নহয়। পুশ্ববেক কৰিবলৈ যোৱা বিএছএফৰ বিষয়া-জোৱানসকলক সীমান্তৰ পৰা আঁতৰি যাবলৈ সকীয়াই দিয়ে। অন্যথা গুলীয়াবলৈ বাধ্য হ’ব বুলি মাইকযোগে ঘোষণা কৰে বিজিবিয়ে। ইয়াক কেন্দ্ৰ কৰি শ্রীভূমি জিলা সংলগ্ন ভাৰত-বাংলাদেশ সীমান্তত শুকুৰবাৰৰ পৰা উত্তেজনা অব্যাহত আছে। সামাজিক মাধ্যমত ভাইৰেল হোৱা এটা ভিডিঅ’ত পৰিলক্ষিত হোৱা অনুসৰি বাংলাদেশৰ মৌলবী বজাৰ জিলাৰ বড়লেখা সীমান্তৰ দিশৰ পৰা মাইকযোগে বিএছএফক উদ্দেশ্যি বাৰম্বাৰ সতর্কবাণী দিয়ে বিজিবিয়ে। ভাইৰেল ভিডিঅ’টোত বাংলাতে কোৱা হৈছে যে সীমান্ত পাৰ কৰাই ভাৰতৰ দিশৰ পৰা কোনো লোকক পঠিওৱাৰ চেষ্টা কৰাটো মানি লোৱা নহ’ব। আমি বাৰম্বাৰ সতৰ্ক কৰি দিছোঁ- পুশ্ববেক নকৰিব। যদি পুশ্ববেক কৰা হয়, তেন্তে আমি গুলী চলাবলৈ বাধ্য হ’ম। আপোনালোকে যিসকলক লৈ আহিছে, তেওঁলোকক ভাৰতলৈ ওভতাই নিয়ক। ইয়াৰ পিছতো যদি পুশ্ববেক কৰা হয়, তেতিয়াহ’লে কঠোৰ ব্যৱস্থা গ্রহণ কৰা হ’ব। স্থানীয় জনসাধাৰণেও গঢ়ি তুলিব প্ৰতিৰোধ। এনে ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ লগে লগে শ্রীভূমি জিলাৰ সীমান্তৱৰ্তী গাঁওসমূহত তীব্র উত্তেজনাৰ সৃষ্টি হৈছে। স্থানীয় একাংশ বাসিন্দাই দাবী কৰা মতে, কেৱল ভিডিঅ’ই নহয়, সীমান্তৰ সিপাৰৰ পৰা একাধিকবাৰ মাইকযোগে এনেধৰণৰ ঘোষণা কৰাৰ লগতে ছাইৰেনৰ শব্দ শুনা গৈছিল।