পি টি ঊষা হ’ব ভাৰতীয় অলিম্পিক সন্থাৰ পৰৱৰ্তী সভানেত্ৰী

Pc NDTV.com

পি টি ঊষা হ’ব ভাৰতীয় অলিম্পিক সন্থাৰ পৰৱৰ্তী সভানেত্ৰী

ৰঙিলী বাৰ্ত্তাসেৱা-  ভাৰতৰ কিংবদন্তি ক্ৰীড়াবিদ পি টি ঊষা হ’ব ভাৰতীয় অলিম্পিক সন্থাৰ পৰৱৰ্তী সভানেত্ৰী। টুইটযোগে এই ঘোষণা কৰে কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেণ ৰিজিজুৱে। ২৬ নৱেম্বৰত ভাৰতীয় অলিম্পিক সন্থাৰ সভাপতি পদৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কথা ঘোষণা কৰিছিল পি টি ঊষাই।১০ ডিচেম্বৰত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও পি টি ঊষাৰ বিৰুদ্ধে আন কোনো প্ৰাৰ্থী অৱতীৰ্ণ নোহোৱাত বিনা প্ৰতিদ্বন্দ্বিতাৰে অলিম্পিক সন্থাৰ সভানেত্ৰী হিচাপে নিৰ্বাচিত হয় এথলিট গৰাকী। ইয়াৰ লগে লগে ভাৰতীয় অলিম্পিক সন্থাৰ প্ৰথমগৰাকী মহিলা সভানেত্ৰী হিচাপে পৰিগণিত হৈ পৰে পি টি ঊষা।প্ৰণিধানযোগ্য যে, ১৯৮২ চনৰ পৰা ১৯৯৪ চনৰ ভিতৰত এছিয়ান গেমছত চাৰিটা সোণৰ পদককে ধৰি মুঠ ১১টা পদক অৰ্জন কৰি বিশ্বৰ ভিতৰতে এগৰাকী মহান এথলিট হিচাপে পৰিগণিত হৈছিল পি টি ঊষা।