পিতৃহাৰা হ’ল টুকটুকী জিলা পৰিষদৰ সদস্য গোলাম ৰাব্বানী

পিতৃহাৰা হ’ল টুকটুকী জিলা পৰিষদৰ সদস্য গোলাম ৰাব্বানী

আদিলুৰ ৰহমান,টুকটুকী,ৰঙিলী বাৰ্ত্তাসেৱা- নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ বৃহত্তৰ টুকটুকী অঞ্চলৰ বিশিষ্ট সমাজসেৱক তথা টুকটুকী গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি আবুবক্কৰ ছিদ্দিকৰ আজি পুৱা প্ৰায় ৫ মান বজাত নিজা বাসগৃহত বাৰ্ধক্যজনিত কাৰণত মৃত্যু হয়। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৭০ বছৰ। ছিদ্দিক বৃহত্তৰ টুকটুকী অঞ্চলৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে অঞ্চলটোৰ ধৰ্মীয় অনুষ্ঠানৰ লগত জড়িত আছিল। ছিদ্দিক টুকটুকী গাঁও পঞ্চায়তত দুবাৰকৈ সভাপতি হিচাপে নিৰ্বাচিত হৈছিল। বৰ্তমান তেওঁৰ পুত্ৰ গোলাম ৰাব্বনী টুকটূকী জিলা পৰিষদৰ সদস্য।। ছিদ্দিক আজীৱন কংগ্ৰেছ বিৰোধী আছিল। ছিদ্দিক এ,আই,ইউ ,ডি এফৰ বটদ্ৰৱা সমষ্ঠি কমিটিৰ প্ৰাক্তন উপ-সভাপতি আছিল। তেখেতৰ মৃত্যুত A.I.U.D.F ৰ নগাঁও জিলা সমিতিৰ সভাপতি বদৰুজোহা চৈধুৰী , বটদ্ৰৱা সমষ্টিৰ বিধায়িকা শিৱামনি বৰা ,আমচুৰ নগাঁও জিলাৰ শিক্ষা সচিব জেহিৰুল ইছলাম, বটদ্ৰৱা জিলা পৰিষদৰ সদস্যা আচমিনা খাতুন সৰকাৰকে আদি কৰি বটদ্ৰৱা সমষ্টিৰ বিভিন্ন দল সংগঠনে গভীৰ শোক প্ৰকাশ কৰে। আজি বিয়লি ৪ বজাত কটহগুৰি টুকটুকী দাৰুল উলুম মাদ্ৰাছাৰ প্ৰাংগণত হাফিজ মেহদিহাচানৰ ইমামত্বিত্বত তেখেতৰ জানাজাৰ নামাজ সম্পন্ন কৰা হয়। মৃত্যুৰ সময়ত ছিদ্দিকে সাত গৰাকী পুত্ৰ ,সাত গৰাকী কন্যা, দুইগৰাকী পত্নীৰ লগতে বহুতো আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ য়ায়।