তথ্য আৰু জনসংযােগ সঞ্চালকালয়ৰ পাঁচগৰাকী  বিষয়া কৰ্মচাৰীৰ অৱসৰ গ্রহণ 

p.c.Twitter

তথ্য আৰু জনসংযােগ সঞ্চালকালয়ৰ পাঁচগৰাকী  বিষয়া কৰ্মচাৰীৰ অৱসৰ গ্রহণ 

ৰঙিলী বাৰ্ত্তাসেৱা- তথ্য আৰু জনসংযােগ সঞ্চালকালয়ত কৰ্মৰত ১ গৰাকী বিষয়া আৰু ৪ গৰাকী কৰ্মচাৰীয়ে কৰ্মজীৱনৰ সফল সামৰণি মাৰি অৱসৰ গ্ৰহণ কৰে। সঞ্চালক বিষ্ণু কমল বৰাৰ সভাপতিত্বত অনুষ্ঠিত বিদায় সভাত আটাইকেইগৰাকী বিষয়া-কৰ্মচাৰীক সুদীর্ঘ কাল বিভাগটোৰ বিভিন্ন দায়িত্ব সুকলমে পালন কৰাৰ বাবে ধন্যবাদ জনায়। লগতে অৱসৰ গ্ৰহণৰ পিছত এক সুন্দৰ সামাজিক জীৱঅতিবাহিত কৰি সুস্বাস্থ্যৰ গৰাকী হােৱাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে। উল্লেখযােগ্য। যে, ১৯৯৩ চনত চাকৰি আৰম্ভ কৰা সঞ্জীৱ কুমাৰ বৰুৱাই উপ-সঞ্চালক হিচাপে কৰ্মজীৱনৰ পৰা বিদায় লয়। আনহাতে ১৯৮৮ চনত কর্মনিয়ােগ কৰা যােগেন্দ্ৰ কলিতাই দিল্লীস্থিত তথ্য আৰু জনসংযােগ বিভাগৰ উপ-সঞ্চালক কার্যালয়ৰ পৰা অধীক্ষক হিচাপে অৱসৰ গ্ৰহণ কৰে। লগতে, ১৯৮৬ চনত নিৰঞ্জন কলিতাই চাকৰিত অংশগ্রহণ কৰি প্রডিউচাৰ কাম মেনেজাৰ আৰু ১৯৮৮ চনত চাকৰি আৰম্ভ কৰা ভূপেদত্ত চৌধুৰীয়ে উচ্চ বৰ্গৰ সহায়ক হিচাপে বিভাগটোৰ পৰা অৱসৰ গ্ৰহণ কৰেহােজাই জিলা তথ্য আৰু জনসংযােগ কার্যালয়ৰ পৰাও হৰমােহন নাথে আজিৰ দিনটোতে উচ্চ বৰ্গৰ সহায়ক হিচাপে অৱসৰ গ্ৰহণ কৰে।