পাঠানৰ মুক্তিৰ দিনা অসমত সষ্টম থাকিব আৰক্ষী

পাঠানৰ মুক্তিৰ দিনা অসমত সষ্টম থাকিব আৰক্ষী

ৰঙিলী বাৰ্ত্তাসেৱা-  ২৫ জানুৱাৰীত মুক্তি পাব লগীয়া শ্বাহৰুখ খান অভিনীত ছবি ‘পাঠান’ক লৈ বিতৰ্ক অব্যাহত আছে৷এইবাৰ অসমত পাঠানৰ প্ৰদৰ্শনী বন্ধ কৰিবলৈ ছবিখনৰ প্ৰযোজক-পৰিচালকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে কুটুম্ব সুৰক্ষা পৰিষদে৷পাঠান চিনেমাখনে ভাৰতীয় সংবিধানৰ ৫১ (এ) অনুচ্ছেদ ভংগ কৰাৰ অভিযোগ।ছবিখনৰ প্ৰযোজক-পৰিচালকৰ লগতে ‘বে চৰম’ গীতৰ গীতিকাৰ আৰু অভিনেতা শ্বাহৰুখ খান-দীপিকা পাডুকনৰ বিৰুদ্ধে গীতানগৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে সংগঠনটোৱে৷কুটুম্ব সুৰক্ষা পৰিষদৰ হৈ এই গোচৰ তৰিছে সভাপতি সত্যৰঞ্জন বৰাই।গীতানগৰ থানাই (জি বি জি নম্বৰ : ২৬২৯, তাং ২৩,০১,২০২৩) এই এজাহাৰ গ্ৰহণ কৰিছে।ইফালে পাঠানৰ মুক্তিৰ দিনা আৰক্ষী সষ্টম থাকিব বুলি জনাইছে অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে৷সেই দিনা অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰিব বিচাৰিলে ব্যৱস্থা লোৱা হ’ব৷