পাকিস্তানত অনুষ্ঠিত হ’ব ২০২৫ চনৰ চেম্পিয়নছ ট্ৰফী

Pc -the new indian Express

পাকিস্তানত অনুষ্ঠিত হ’ব ২০২৫ চনৰ চেম্পিয়নছ ট্ৰফী

ৰঙিলী বাৰ্ত্তাসেৱা- আই চি চিৰ দ্বাৰা অনুষ্ঠিত হৈ অহা চেম্পিয়নছ ট্ৰফী ২০২৫ বৰ্ষত পাকিস্তানত অনুষ্ঠিত হ’ব। এই কথা টুইটাৰযোগে সদৰী কৰিছে পাকিস্তান ক্রিকেট বাৰ্ডৰ অধ্যক্ষ ৰামিজ ৰাজাই। তেওঁ কয় যে এয়া আমাৰ বাবে এক গৌৰৱৰ বাতৰি। নিঃসন্দেহে পাকিস্তানৰ কোটি কোটি অনুৰাগীক এই বাতৰিয়ে আনন্দিত কৰিব। আই চি চিয়ে এই কথা ইতিমধ্যে নিশ্চিত কৰিছে। উল্লেখ্য যে ১৯৯৬ চনৰ পাছত পাকিস্তানৰ মাটিত অনুষ্ঠিত হ’ব লগা প্ৰথমখন গুৰুত্বপূৰ্ণ আন্তঃৰাষ্ট্ৰীয় ক্রিকেট টুর্ণামেন্ট এইখনেই।