পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ জনসম্পৰ্কৰক্ষী বিষয়া মঞ্জ ুৰাণী  ডেকালৈ বিদায়ী সম্বৰ্ধনা

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ জনসম্পৰ্কৰক্ষী বিষয়া মঞ্জ ুৰাণী  ডেকালৈ বিদায়ী সম্বৰ্ধনা

বাৰ্ত্তাসেৱা-  পঞ্চায়ত আৰু গ্ৰামোন্নন বিভাগৰ আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজি অনুষ্ঠিত এক সভাত বিভাগটোৰ পৰা বদলি হোৱা জনসম্পৰ্কৰক্ষী বিষয়া মঞ্জুৰাণী ডেকাক বিষয়া-কৰ্মচাৰীসকলে আনুষ্ঠানিকভাৱে বিদায় সম্বদ্ধৰ্না জ্ঞাপন কৰে৷
পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ আয়ুক্ত হেমেন দাসৰ সভাপতিত্বত আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এই সভাত বিভাগটোৰ পৰা কামৰূপ জিলাৰ তথ্য আৰু জনসংযোগ বিষয়া হিচাপে বদলি হোৱা মঞ্জুৰাণী ডেকাই তেওঁৰ কাৰ্য কালত বিভাগটোৰ প্ৰতি আগবঢ়োৱা নিষ্ঠাপূৰ্ণ সেৱাৰ বিষয়ে বিষয়া-কৰ্মচাৰীসকলে মন্তব্য আগবঢ়ায়৷ সভাত আয়ুক্ত হেমেন দাসে কয় যে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ জনসম্পৰ্কৰক্ষী বিষয়া হিচাপে মঞ্জুৰাণী ডেকাই বিগত সময়ছোৱাত অতি নিষ্ঠা, দক্ষতা আৰু দায়বদ্ধতাৰে সেৱা আগবঢ়াইছিল৷ আয়ুক্তগৰাকীয়ে বিদায়ী বিষয়া গৰাকীক এগৰাকী অতি সুদক্ষ জনসম্পৰ্কৰক্ষী বিষয়া হিচাপে অভিহিত কৰে৷ সভাত যুটীয়া সঞ্চালক মৃগাংক চৌধুৰী, চিন্ময় ফুকন, অজিত বৰুৱা আৰু কাৰ্যালয় অধীক্ষক গিৰিশ দাসকে ধৰি কেইবাগৰাকী বিষয়া আৰু কৰ্মচাৰীয়ে বিদায়ী বিষয়াগৰাকীয়ে আগবঢ়োৱা সেৱাৰ ভূয়সী প্ৰশংসা কৰে৷ সভাত আয়ুক্ত হেমেন দাসে বিদায়ী জনসম্পৰ্কৰক্ষী বিষয়া ডেকাক ফুলাম গামোচা আৰু শৰাই প্ৰদান কৰি সম্বদ্ধৰ্না জ্ঞাপন কৰে৷ সভাত বিদায়ী বিষয়া ডেকাই তেওঁৰ ভাষণত বিগত সময়ছোৱাত বিভাগটোৰ জনসম্পৰ্কৰক্ষী বিষয়া হিচাপে তেওঁ কৰা কাম-কাজৰ এক আভাস দাঙি ধৰে৷ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ জনসম্পৰ্কৰক্ষী বিষয়া হিচাপে নতুনকৈ যোগদান কৰা ৰতন সাউদকো আজিৰ সভাত আদৰণি জনোৱা হয়৷ সভাত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অতিৰিক্ত আয়ুক্ত দীতিমণি পেগু, যুটীয়া সঞ্চালক এছ এ লস্কৰ, অভিযন্তা ধ্ৰুৱজ্যোতি শৰ্মা, কে ধৰি আয়ুক্তালয়ৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে৷