ন ফাগুনৰ উন্মনা…- নন্দেশ্বৰ মিলি

Pc- www.bd.journal.com

ন ফাগুনৰ উন্মনা…

ন ফাগুনে ৰ’চে
নৱযুগৰ কবিতা
সৃষ্টিৰ বেদনাত
ছটফটাই ফুঁৰে
অতৃপ্ত বাসনা।
লঠঙা ডালত
কপৌ চৰায়ে বহি
কৰুণ মাতেৰে
দিয়ে নৱযুগৰ জাননী।

ফাগুন ফাগুন লগা
এটি বলিয়া বা
মোৰ হৃদয়ৰ একোণত
জাগিছে উথলি।

নন্দেশ্বৰ মিলি
নগাঁও,অসম