নৱাগত – চিমি চিদ্দিকা

Pc News18

নৱাগত 

চিমি চিদ্দিকা,গোৰেশ্বৰ 

হে নৱাগত
স্বাগতম তোমাক
নতুন মুখ, নতুন হাঁহি
অচিনাকিৰ পৰা হম আজি চিনাকি
আত্মীয়তা উঠিব গঢ়ি।
হে নৱাগত
স্বাগতম তোমাক
অযুত সপোন বুকুত লৈ
এই পথেৰে তোমাৰ যাত্ৰা,
তোমাৰ আগমনে আনিলে আশা।
সহযোগ, সৌভ্ৰাতৃত্ব দোলেৰে
লগ দিবা আমাক
সাহসেৰে আগুৱাই যাম নতুন বাটত
সৃষ্টি হ’ব সৌন্দৰ্য্যৰ নতুন আভা।
হে নৱাগত
আকৌ এবাৰ স্বাগতম তোমাক
হৃদয়ৰে, সন্মানেৰে আদৰেৰে,
এই নতুন যাত্ৰাৰ শুভক্ষণত
উজ্বলি উঠক তোমাৰ ভবিষ্যত।।