নৱপ্ৰজন্মৰ মাজত সাহিত্য চৰ্চাৰ প্ৰতি সজাগতাৰ অভাৱ-  চন্দ্ৰ শেখৰ পৰাজুলী

Pc- StockSnap.io
নৱপ্ৰজন্মৰ মাজত সাহিত্য চৰ্চাৰ প্ৰতি সজাগতাৰ অভাৱ
          কেৱল বৌদ্ধিক জগতখনৰ লগত ওতঃপ্ৰোত ভাবে জড়িত ব্যক্তি সকলেহে সাহিত্য চৰ্চাৰ প্ৰতি আগ্ৰহী হব লাগে বুলি তাৰে কোনো ধৰাবন্ধা নীতি বা নিয়ম নাই। আচলতে আজিকালিৰ জন্মগ্ৰহণ কৰাৰ কিছুবছৰ পিছৰেপৰা আমি প্ৰায় সকলোৱেই বিদ্যালয়ত শিক্ষা গ্ৰহণৰ বাবে নাম ভৰ্তি কৰোঁ নহয়নে ?। ঠিক সেইখিনি সময়ৰে পৰা আমি প্ৰত্যক্ষ বা পৰোক্ষভাৱে সাহিত্য বা বৌদ্ধিক জগতখনৰ লগত কিছু হ’লেও জড়িত হৈ পৰো। ইয়াৰ উপৰিও আনকি স্কুলীয়া শিক্ষাৰ গ্ৰহণত সামৰ্থ্য নোহোৱা ব্যক্তিসকলো সাহিত্য চৰ্চাৰ লগত জড়িত হৈ পৰা বৰ্তমান সময়তো এনে বহু উদাহৰণ আমাৰ মাজত পৰিলক্ষিত হোৱা দেখা যায়। মুঠতে সাহিত্য চৰ্চা বুলি ক’লে কেৱল তেওঁ এজন লিখকে হ’ব লাগিব এনেধৰণৰ কোনো কথা নাই। অৰ্থাৎ এজন পাঠকৰ ৰূপেও সাহিত্য জগতখনৰ লগত আমি ওতঃপ্ৰোত ভাবে জড়িত হ’বলৈ সক্ষম। এতিয়া কথা হ’ল বৰ্তমান সময়ত বিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ বহুতো ডাঙৰ ডাঙৰ শৈক্ষিক বঁটা প্ৰাপক সকলেও সাহিত্য বা আমাৰ বৌদ্ধিক জগতখনৰ লগত ওতঃপ্ৰোত ভাবে জড়িত হোৱাৰ পিছতো নিজৰ স্বাৰ্থ সিদ্ধিৰ কথা ভাবি সাহিত্য চৰ্চা প্ৰতি আগ্ৰহী হ’লেও এনেধৰণৰ সমাজ কল্যাণ মূলক দিশবোৰৰ পৰা আতৰি অহা দেখা যায়। চাওঁক মোৰ মতে সাহিত্য চৰ্চা কোনো জটিল বিষয় বস্তু নহয়। কেৱল এনে দিনবোৰৰ প্ৰতি নিৰন্তৰ প্ৰচেষ্টা আৰু নিজৰ মন একত্ৰিত কৰিবলৈ সক্ষম হ’ব লাগে। মোৰ মতে সাহিত্য চৰ্চা লগত জড়িত প্ৰায়বোৰ ব্যক্তিয়েই নিজ সমাজৰ চলি থকা নেতিবাচক দিনবোৰ আতৰাই ইতিবাচক দিনবোৰ আঙুলিয়াই দিয়াৰ অপ্ৰাণ চেষ্টা অব্যাহত ৰখা দেখা যায়। গতিকে আপুনি যদি লিখনিৰ আকাৰত নিজকে প্ৰস্তুত কৰিবলৈ যদিও অসামৰ্থ্য হয় অথাপিও লিখনি সমূহ অধ্যয়নৰ জৰিয়তে আৰু কিছুমান মানুহৰ মাজত সাহিত্য চৰ্চাৰ জৰিয়তে সমাজ কল্যাণৰ দিনবোৰৰ প্ৰতি সজাগতা সৃষ্টি কৰিব পাৰে। কিন্তু বৰ দুখৰ বিষয় যে আমাৰ অতীতৰ তুলনাত বৰ্তমান সময়ৰ নৱপ্ৰজন্মৰ মাজত সাহিত্য চৰ্চাৰ প্ৰতি সজাগতাৰ অভাৱ দেখা গৈছে। ইয়াৰ ফলস্বৰূপে আমাৰ সমাজবোৰত বহু বিশৃংখলতা সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। গতিকে সাহিত্য চৰ্চাৰ প্ৰতি উঠি অহা নৱপ্ৰজন্মক আগ্ৰহী কৰিবলৈ আমাৰ প্ৰতিখন সমাজৰ এক গভীৰ দায়িত্ব আহি পৰিছে। যদি সমাজ এখনত বৌদ্ধিক বা সাহিত্য জগতখন হেলনীয়াৰ প্ৰাত্ৰ হৈ পৰে তেন্তে সেইখন সমাজৰ ভবিষ্যত বহু অন্ধকাৰ হোৱাটো একেবাৰে নিশ্চিত।
                 চন্দ্ৰ শেখৰ পৰাজুলী
                    বিশ্বনাথ চাৰিআলি, অসম