ন্যায়- মতিউৰ ৰহমান

Pc- Universitas Pasundan
ন্যায়
যুগে যুগে প্ৰতাৰণা
লোপ লালসাত অন্ধ হৈ,
মানৱক আঘাত কৰিছে
স্বাৰ্থৰ উৰ্ধত গৈ!
চৌদিশে দুৰৱস্থা
অসংখ্যজনে হেৰুৱাইছে
নিজৰ আস্থা।
বহুজনে মানৱ সংজ্ঞাটোকে পাহৰিলে
হিংসুক,অহংকাৰী ৰূপে কালিমা সানিলে।
যাৰ লিখনি কলংকীত
যাৰ কথাত বিষ মিশ্ৰিত
যাৰ আচৰণত মানৱ নিৰ্যাতিত
কোনে ক’ব তেওঁক জ্ঞানী,বুদ্ধিজীৱী?
সৃষ্টিৰ শ্ৰেষ্ঠ মানৱ জাতি
উপাসনাৰে লভে আত্ম সন্তুষ্টি,
উপাসনা তেতিয়াহে গ্ৰহণ যোগ্য হ’ব
যেতিয়া পৱিত্ৰ অন্তৰেৰে শুদ্ধ স্থানত কৰিব।
কাৰোবাৰ বিশ্বাস পৰকালত,
কোনোবাৰ পুনৰ জনমত
কিন্তু সকলোৰে শিৰণত হয়
সৃষ্টিকৰ্তাৰ চৰণত।
 কোনো ধৰ্মই ভেদ-ভাৱ নিশিকায়
 অন্যায়কো প্ৰশ্ৰয় নিদিয়ে,
 তেন্তে কিয় মানৱ আজি মূল
 মন্ত্ৰৰ পৰা বিচলিত?
 জীৱন ক্ষন্তেকীয়া
 কচুপাতৰ পানীৰ লেখীয়া।
 সেয়ে  আগুৱাই আহক
 দুৰ্নীতি,ভ্ৰষ্টাচাৰ ৰোধ কৰিবলৈ
 ন্যায়ৰ হকে মাৰ বান্ধি থিয় দিবলৈ।
 মতিউৰ ৰহমান
                 উদমাৰী (নগাঁও)