মৰম মাথোঁ তোমালৈ- চুমিতা গগৈ

মৰম মাথোঁ তোমালৈ...

শীত হৈ নাহিবা
কপিব নোৱাৰোঁ তোমাৰ ঠাণ্ডাত
উত্তাপ হৈ নাহিবা
থাকিব নোৱাৰোঁ তোমাৰ উষ্ণতাত…
আহা যদি তুমি বতাহ হৈ আহিবা
দুয়ো নাচিব পাৰিম পৃথিৱীৰ মোহনাত…
তুমি যদি নাহা মই আকৌ বাট চাই থাকিম ফাগুনলৈ
তুমি অভিমান কৰি সৰি পৰিবা
মই মাথোঁ চাই ৰ’ম…
চুমিতা গগৈ
অষ্টম শ্ৰেণী
ৰবিগাঁও মধ্য ইংৰাজী বিদ্যালয় 
টীয়ক,যোৰহাট