নেপালৰ মহাপ্ৰলয়ত ৭৫০লৈ বৃদ্ধি পালে মৃতকৰ সংখ্যা

Pc The Hindu

নেপালৰ মহাপ্ৰলয়ত ৭৫০লৈ বৃদ্ধি পালে মৃতকৰ সংখ্যা

ৰঙিলী বাৰ্ত্তাসেৱা- নেপালৰ চৌপাশে এতিয়া অবৰ্ণনীয় পৰিৱেশ । দেশখনত ধ্বংসস্তূপৰ মাজত বোকাত লুতুৰি-পুতুৰি হৈ পোতখাই আছে বহু মৃতদেহ । ঠায়ে ঠায়ে আবদ্ধ হৈ সহায়ৰ বাবে অপেক্ষা কৰি আছে হাজাৰ হাজাৰ লোক । প্রতিদিনে বৃদ্ধি পাই গৈ আছে নিহত-আহতৰ সংখ্যা। ভোটে কোশী নৈৰ বোকা-পানীৰ প্ৰচণ্ড সোঁতে পুতি পেলোৱা বানবিধ্বস্ত ৰসুৱাকে ধৰি ৮খন জিলাৰ বিস্তীর্ণ এলেকাত এতিয়া অবর্ণনীয় অৱস্থা। বোকাৰ তলৰ পৰা উদ্ধাৰ হৈছে ইটোৰ পিছত সিটোকৈ দুৰ্ভগীয়াৰ মৃতদেহ। শেহতীয়া তথ্য অনুসৰি  নিহতৰ সংখ্যা ৭৫০জনলৈ বৃদ্ধি পাইছে। বর্তমানেও নিৰুদ্দিষ্ট হৈ আছে তিনি সহস্রাধিক। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি মৃতকৰ সংখ্যা আৰু অধিক হোৱাৰ সম্ভাৱনা আছে। ইফালে বানবিধ্বস্ত এলেকাত জনবসতিকে ধৰি আন্তঃগাঁথনিৰ অৱস্থা সম্পূৰ্ণৰূপে বিধ্বস্ত। বিশেষকৈ পথ-দলং-বাসগৃহ-বজাৰ আদি সম্পূৰ্ণৰূপে ধ্বংসস্তূপত পৰিণত হোৱাৰ পাছত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। আজিৰ দিনটোতো বানে চাঁহি-মুহি নিয়া অঞ্চলসমূহৰ সৈতে ৰাজধানী কাঠমাণ্ডুকে ধৰি অন্যান্য ভূখণ্ডৰ যোগাযোগ সম্পূৰ্ণৰূপে বিচ্ছিন্ন। উদ্ধাৰ কৰি চৰকাৰে আশ্রয় শিবিৰৰ ব্যৱস্থা কৰিছে যদিও তাতো বিভিন্ন দিশৰ পৰা অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছে দুর্যোগপীড়িতসকল। কিয়নো মহাপ্রলয়ত কোনোমতে জীৱন ৰক্ষা পৰা লোকৰ সংখ্যা দিনকদিনে বাঢ়ি গৈ আছে। নেপালৰ ৰাষ্ট্ৰীয় দুর্যোগ ব্যৱস্থাপনা কর্তৃপক্ষৰ তথ্য অনুসৰি প্ৰলয়ংকৰী বানৰ পিছত দেশখনত ৫১৭জন বিদেশী নাগৰিকৰ সন্ধান পোৱা নাই। সন্ধানহীনসকলৰ তালিকাত আছে বিভিন্ন জলবিদ্যুৎ প্রকল্পত কৰ্মৰত ৯৩৩জন বিষয়া-কৰ্মচাৰী। তদুপৰি ৪৫জন নেপালী সেনা, ৪০জন আৰক্ষী বিষয়া-জোৱান আৰু ১৯জন ইমিগ্ৰেচন কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীও অদ্যপৰিমিত নিখোঁজ হৈ আছে। ভাৰতৰ বিদেশ মন্ত্রালয়ে নেপালত সন্ধানহীন হৈ থকা ভাৰতীয় নাগৰিকৰ তথ্য সদৰী কৰিছে। সেই অনুসৰি ৮৮জন ভাৰতীয় নাগৰিকক দুৰ্যোগৰ কবলৰ পৰা উদ্ধাৰ কৰা হৈছে যদিও বর্তমান পর্যন্ত কোনোধৰণৰ শুংসূত্ৰ উলিয়াব পৰা নাই ২৮৭জনৰ। তদুপৰি ভাৰতীয় মূলৰ আন ১২৮জন লোকো নেপালত নিখোঁজ হৈ আছে। কেন্দ্রীয় বিদেশ মন্ত্রালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয় যে আজি ৰসুৱাৰ পৰা ৪ ভাৰতীয় নাগৰিকক সুকলমে উদ্ধাৰ কৰা হয়। তেওঁলোক হৈছে- ৰিপু কুমাৰ, সোণেশ্বৰ নাৰ্জাৰী, কৃপা শংকৰ আৰু মহম্মদ মিনাজুদ্দিন। জলবিদ্যুৎ প্রকল্পত কৰ্মৰত চাৰিওজন ভাৰতীয় নাগৰিকক শীঘ্ৰে কাঠমাণ্ডুলৈ স্থানান্তৰ কৰাৰ আশা কৰা হৈছে। বানবিধ্বস্ত নেপাললৈ ৬টা ফৰেনছিক দল ভাৰতৰ পৰা প্ৰেৰণ কৰাৰ পদক্ষেপ গ্ৰহণ কৰা বুলিও তেওঁ জানিবলৈ দিয়ে। মূলতঃ মৃতসকলৰ ডিএনএ ছেম্পল পৰীক্ষা কৰাৰ ক্ষেত্ৰত নেপাল চৰকাৰক সহায় কৰাৰ বাবেই এই ব্যৱস্থা গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে বিদেশ মন্ত্রালয়ৰ মুখপাত্ৰজনে।