গোলকীয় উষ্ণতা, জলবায়ু পৰিৱৰ্তনৰ বাবে নেপালত মহাপ্ৰলয়
ৰঙিলী বাৰ্ত্তাসেৱা- নেপালত শেহতীয়াকৈ দেখা দিয়া প্ৰাকৃতিক বিপৰ্যয়ৰ অন্তৰালত মানৱসৃষ্ট গোলকীয় উষ্ণতা বৃদ্ধি এক অন্যতম প্ৰধান কাৰণ। প্রাথমিকভাৱে নেপালৰ মহাপ্ৰলয়ৰ কাৰক হিচাপে ভূমিকম্পৰ দৰে প্ৰাকৃতিক দুৰ্ঘটনাৰ পৰিণতি হিচাপে বাৰম্বাৰ ব্যাখ্যাৰ চেষ্টা কৰা হৈছে। কিন্তু উপগ্রহীয় চিত্র বিশ্লেষণৰ অন্তত স্পষ্ট প্রমাণ পোৱা গৈছে- নেপালত শেহতীয়া বিপৰ্যয়ৰ মূলতে মানবসৃষ্ট গোলকীয় উষ্ণতা। হিমালয়ৰ তাপমাত্রা পৃথিবীৰ গড় উচ্চতাৰ তুলনাত ক্রমশঃ বাঢ়ি গৈ আছে। সাধাৰণভাবে ক’বলৈ গ’লে এয়াই গোলকীয় উষ্ণতা। যিটো সম্পূর্ণৰূপে মানবসৃষ্ট। একবিংশ শতিকাৰ আধুনিক প্রযুক্তিবিদ্যাৰ যুগত মানৱ সভ্যতা দূৰম্ভ গতিত বিকশিত হৈছে। বায়ুমণ্ডললৈ কার্বনসহ গ্রীনহাউছ গেছ নির্গমন বৃদ্ধি পোৱাৰ বিপৰীতে অবাধ গতিত ধ্বংস হৈছে সেউজ বনাঞ্চল। যাৰ কাৰণে ক্রমান্বয়ে পৃথিৱীৰ উষ্ণতা বাঢ়ি গৈ আছে। বিগত প্রায় অর্ধশতাব্দীতকৈও অধিক সময় গোলকীয় উষ্ণতাৰ মোকাবিলা কৰিবলৈ সমগ্র বিশ্বতে অনুষ্ঠিত হৈছে বিভিন্ন সম্মিলন। কিন্তু সেই আলাপ-আলোচনা তথা সিদ্ধান্তসমূহ বাস্তৱত কাৰ্যকৰী নহ’ল, আবদ্ধ হৈ থাকিল কাগজতে। নেপাল-তিব্বত সীমান্ত হিমালয়ৰ যি দৈত্যকায় হিমবাহ ভাগি লেহেণ্ডে খোলা নদীত আঁচোৰ খাই পৰিছিল, সেয়া গোলকীয় উষ্ণতাৰ কাৰণেই গলিবলৈ ধৰে। পৰিণতিত সৃষ্টি হয় বিশাল জলৰাশি। হিমবাহৰ সৈতে পাহাৰৰ বিশাল বিশাল শিলসহ ধ্বংসাৱশেষে বোৱঁতী নৈখনৰ জলস্তৰক আবদ্ধ কৰি এটা অস্থায়ী প্রাকৃতিক হ্ৰদৰ ৰূপ দিয়ে। এই হ্রদটোৰ বান্ধ ভাগি হিমবাহৰ গলিত জলৰশি, বোকা মাটি আৰু ধ্বংসাবশেষ লেহেণ্ডে খোলা হৈ ভোটে কোশী নদীলৈ বৈ আহি মহাপ্রলয়ৰ সৃষ্টি কৰে। গোলকীয় উষ্ণতাৰ দৰেই পাহাৰীয়া নদীৰ দুয়োপাৰে নিৰ্মিত অট্টালিকা, দলং, পথ, জলবিদ্যুৎ প্রকল্প আদি সম্পূৰ্ণৰূপে মানুহৰ অৱদান। ভোটে কোশী আৰু ত্রিশূলী নৈয়ে দুয়োপাৰৰ সভ্যতাক বুধবাৰে পুৱা নিশ্চিহ্ন কৰি পেলালে। শেহতীয়া উপগ্ৰহৰ চিত্র অনুসৰি এই ট্ৰেজেডীৰ উৎপত্তি নেপালৰ সীমাৰ বাহিৰত। নেপাল-তিব্বত সীমান্তৰ ওচৰৰ হিমালয়ৰ ওপৰৰ অংশত ওখ ঠাইত এটা হিমবাহৰ এটা বিশাল অংশ ভাঙি ৫,২০০ মিটাৰ আৰম্ভণিৰ উচ্চতাৰ পৰা ১২০০ মিটাৰ তলৰ উপত্যকাত ডুব গৈছিল। ইয়াৰ ফলত বৰফ পানী-বোকা মাটি আৰু শিলৰ তীব্ৰ ঘাতক সোঁত প্রতিছেকেণ্ডত ৫০ মিটাৰ (১৬৫ ফুট) অতিক্রমি বৈ আহে। এইদৰে প্রায় ২০ কিলোমিটাৰ এলেকা কাৰ্যতঃ চকুৰ নিমিষতে বিধ্বস্ত কৰি তোলে। লেহেণ্ডে খোলাৰ পৰা ভোটে কোশী-ত্রিশূলী নৈৰ ১০০ কিলোমিটাৰ এলেকাৰ জনবসতি, বজাৰ, পথ, দলং, আন্তঃগাঁথনি, জলবিদ্যুৎ প্রকল্প আদি পৰিণত হয় ধ্বংসস্তূপত।
