নেদেখা প্ৰতিশ্ৰুতি – বনজিত দাস 

Pc Unsplash

নেদেখা প্ৰতিশ্ৰুতি 

বনজিত দাস 
ৰিহাবাৰী , বজালী

বিষাদে মুচুৰি ভঙা
দেওলগা ঘাটত উচুপি উঠে
বুকুৰ গভীৰতাত
সময়ে নীৰৱে লিখি যায়
এটি অপঠিত কবিতা ।
নিশাৰ আচলত
অচিন নদী
গোপনে সৰি পৰে
হেৰোৱা দিনৰ অনুচ্ছাৰিত নদী ।
নেদেখা পাপৰিবোৰ
শব্দত সাৰ পায় যায় উটি
বুকুৰ হাড় চিঙি
উৰে অনুভৱৰ পখী হৈ
তাতেই গজিব ৰাতি ফুলা ফুল
ৰজনীগন্ধা ।
অন্তৰ্লীন পোহৰৰ প্ৰতিশ্ৰুতি
প্ৰতিটো গভীৰ অন্ধকাৰৰ বুকুত
লুকাই থাকে কবিৰ
নতুন প্ৰভাতৰ অংকুৰিত বীজ  ।