কেৰিয়াৰ পৰামৰ্শৰ কিমান সফলতাৰ কাহিনী আছে?
ড° বুলজিৎ বুঢ়াগোহাঁই
কেৰিয়াৰ পৰামৰ্শদাতা তথা
মুৰব্বী, যান্ত্রিক অভিযান্ত্রিক বিভাগ, অসম ডন বস্ক’ বিশ্ববিদ্যালয়
২০০৫ চনৰ পৰা অসমৰ বিভিন্ন প্ৰান্তৰ শিক্ষাৰ্থী আৰু অভিভাৱকসকলক কেৰিয়াৰ পৰিকল্পনাৰ বিভিন্ন দিশ সন্দৰ্ভত প্ৰতি শনিবাৰে সন্ধিয়া ৬ বজাৰ পৰা ৯ বজালৈ ফোন (৯৪৩৫১৮৮৬৩০) যোগে সম্পূৰ্ণ বিনামূলীয়াকৈ কেৰিয়াৰ পৰামৰ্শ আগবঢ়াই আহিছোঁ। ইয়াৰ উপৰিও, বিগত দুটা দশকৰো অধিক সময়ত ২০০খনতকৈ অধিক কেৰিয়াৰ কৰ্মশালা, আলোচনা সভা আৰু সজাগতা কাৰ্যসূচীত অংশগ্ৰহণ কৰি শিক্ষাৰ্থীসকলৰ সৈতে মুখামুখিকৈ মত-বিনিময় কৰাৰ সুযোগ লাভ কৰিছোঁ। একেদৰে, ১৫০খনতকৈ অধিক কেৰিয়াৰ বিষয়ক ৱেবিনাৰত সম্পদ ব্যক্তি হিচাপে অংশগ্ৰহণ কৰি শিক্ষাৰ্থীসকলৰ সৈতেও যোগাযোগ স্থাপন কৰাৰ সুযোগ পাইছোঁ। কেৱল বক্তৃতা বা পৰামৰ্শদানতে সীমাবদ্ধ নাথাকি, অসমৰ বিভিন্ন শিক্ষা প্ৰতিষ্ঠান আৰু সংগঠনৰ ৰূপালী, সোণালী আৰু হীৰক জয়ন্তী উপলক্ষে প্ৰকাশিত স্মৃতিগ্ৰন্থ আৰু বাৰ্ষিক আলোচনীত নিয়মীয়াকৈ কেৰিয়াৰ বিষয়ক প্ৰবন্ধ লিখি আহিছোঁ। ইয়াৰ লগতে অসমৰ বিভিন্ন আলোচনী আৰু সংবাদপত্ৰতো আমাৰ কেৰিয়াৰ বিষয়ক লেখা প্ৰকাশ পাই আহিছে। এই প্ৰচেষ্টাৰ একমাত্ৰ উদ্দেশ্য হৈছে যে অসমৰ গাঁও, চহৰ আৰু নগৰৰ শিক্ষাৰ্থীসকলৰ ওচৰলৈ কেৰিয়াৰ সম্পৰ্কীয় নিৰ্ভৰযোগ্য তথ্য আৰু দিশ-নিৰ্দেশনা আগবঢ়োৱা, যাতে অন্ততঃ কিছুসংখ্যক শিক্ষাৰ্থী হ’লেও যাতে ইয়াৰ পৰা উপকৃত হয়।
বহুতে আমাৰ পৰা জানিব বিচাৰে যে এই দীঘলীয়া সময়ছোৱাত আমাৰ কেৰিয়াৰ পৰামৰ্শৰ ফলত কিমানজন শিক্ষাৰ্থীয়ে সফলতা লাভ কৰিছে । বাস্তৱতে, এই প্ৰশ্নৰ কোনো সুনিৰ্দিষ্ট সংখ্যাগত উত্তৰ আমাৰ ওচৰত নাই। কাৰণ, আমাৰ পৰা পৰামৰ্শ গ্ৰহণ কৰা অধিকাংশ শিক্ষাৰ্থী বা অভিভাৱকে পিছলৈ নিয়মীয়াকৈ যোগাযোগ অব্যাহত নাৰাখে। সেয়েহে তেওঁলোকৰ ভিতৰত কিমানজনে নিজৰ লক্ষ্যত উপনীত হ’ল, কোনে কেনেধৰণৰ কেৰিয়াৰ গঢ়ি তুলিলে , কোনে কিমান সফলতা অৰ্জন কৰিলে আদিৰ তথ্য আমাৰ হাতত নাথাকে। যদি আমি তেওঁলোকৰ সমগ্ৰ যাত্ৰাপথত এজন মেণ্টৰ হিচাপে লগত থাকিলোঁহেঁতেন, তেন্তে হয়তো তেওঁলোকৰ অগ্ৰগতি অনুসৰণ কৰি সফলতাৰ কাহিনীসমূহ লিপিবদ্ধ কৰিব পাৰিলোঁহেঁতেন। কিন্তু কেৰিয়াৰ পৰামৰ্শদাতা হিচাপে আমাৰ দায়িত্ব হৈছে সঠিক তথ্য, বাস্তৱসন্মত পৰামৰ্শ আৰু সম্ভাৱনাৰ পথ দেখুওৱা। সেই পথত কেনেকৈ আগবাঢ়িব, কিমান অধ্যৱসায়েৰে নিজৰ লক্ষ্যত উপনীত হ’ব আদি শেষ পৰ্যন্ত শিক্ষাৰ্থীজনৰ নিজৰ প্ৰচেষ্টা, অধ্যৱসায়, পৰিশ্ৰম, সিদ্ধান্ত আৰু পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰে। আমি বিশ্বাস কৰোঁ, আমাৰ পৰামৰ্শৰ ফলত বহু শিক্ষাৰ্থীয়ে নিশ্চয় উপকৃত হৈছে। যদিও সেই সফলতাৰ সঠিক সংখ্যা আমাৰ ওচৰত নাই, তথাপিও যেতিয়া কোনোবাই বহু বছৰৰ পিছত ফোন কৰি বা ব্যক্তিগতভাৱে সাক্ষাৎ কৰি কয় যে কেৰিয়াৰ সম্পৰ্কীয় পৰামৰ্শই তেওঁলোকৰ জীৱনৰ এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাত সহায় কৰিছিল, তেতিয়াই অনুভৱ কৰোঁ যে এই দীঘলীয়া যাত্ৰাৰ সাৰ্থকতা তাতেই নিহিত হৈ আছে।
