নিয়তিৰ মহালীলা
শচীন্দ্ৰ কুমাৰ দাস, পলাশবাৰী
সৌৱা চোৱা হে ডেকা দল, যৌৱনা বান নামিছে,
ক্ষণিকৰ উন্মাদনাত তোমালোকৰ মন নাচিছে।
প্লাৱিত বুকুত সৌৱা বিচিত্ৰ মৎস্যৰ লহৰ,
হিল্লোলিত ঢৌৱে ঢৌৱে হিয়াত হৰ্ষৰ জোৱাৰ।
মৎস্য চিকাৰৰ হেঁপাহে আজি প্ৰাণ কৰিছে উতলা,
কিন্তু পাহৰি নাযাবা, এই বলিয়া বানৰ নিষ্ঠুৰ লীলা!
কাঢ়ি নিলে ই কত মানুহৰ সপোন, কত জীৱৰ উশাহ,
প্ৰকৃতিৰ এই কৰাল গ্ৰাসত স্তব্ধ আজি আকাশ।
উটুৱাই লৈ গ’ল সৌৱা হেজাৰ কুটিৰৰ আশা,
আৰ্তজনৰ চকুলোত আজি মৌন হৈছে ভাষা।
আশ্ৰয়ৰ সন্ধানত হাহাকাৰ কৰে কত নৰ-নাৰী,
প্ৰলয়ৰ এই ধুমুহাত কোনে মেলিব প্ৰাণৰ তৰী?
কাৰ নো ইমান স্পৰ্ধা প্ৰকৃতিৰ গতিলৈ আনে যতি?
কপালৰ লিখন যদি মৰণ, তেন্তে নাই কাৰো গতি।
ধৰিত্ৰীৰ বুকুত যাৰ এতিয়াও আয়ুস আৰু অন্ন বাকী,
কালান্তক মহাবানেও নোৱাৰে তাক মচিবলৈ ঢাকি।
ধূলিস্যাৎ কৰি সকলো, এদিন আকৌ শান্ত হ’ব এই নদী,
বুকুৰ মাজেৰে বৈ ৰ’ব মাথোঁ যন্ত্ৰণাৰ শত নদী।
তথাপিও ধ্বংসৰ ছাঁত অংকুৰিত হ’ব জীৱনৰ নতুন গান,
মানুহে আকৌ পাতিব সংসাৰ, জীয়াই থকাৰ হেজাৰ প্ৰাণ।
এয়া জানো নহয় নিয়তিৰ এক ৰহস্যময় খেল ?
মই মাথোঁ নীৰৱ দৰ্শক, য’ত সৃষ্টি আৰু ধ্বংসৰ মহামেল।
