নিজৰ মাতৃভাষাক অপমান কৰাটো কেতিয়াও সহ্য নকৰোঃ ভৱেশ কলিতা

pc facebook

নিজৰ মাতৃভাষাক অপমান কৰাটো কেতিয়াও সহ্য নকৰোঃ ভৱেশ কলিতা

ৰঙিলী বাৰ্ত্তাসেৱা-  নগাঁৱত অনুষ্ঠিত অসম ৰাজ্যিক বিজেপিৰ যুৱ মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাত অংশগ্ৰহণ কৰাৰ পাছত সংবাদ মাধ্যমৰ আগত বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই মন্তব্য কৰে যে আমি অসমীয়া-বাঙালী সকলোৱে ভাই  ভাই হিচাপে থাকিব বিছাৰোঁ। তেওঁ লগতে কয় যে —নিজৰ মাতৃভাষাক অপমান কৰাটো কেতিয়াও সহ্য নকৰোঁ। আমাৰ সমাজখন সাতামপুৰুষীয়া ঐক্য-সংহতিত আবদ্ধ। সমন্বয়ৰে অসমখনক আমি আগুৱাই নিব বিচাৰিছোঁ। প্ৰদীপ দত্ত ৰয় সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত কলিতাই কয়— প্রদীপ দত্ত ৰয়ৰ পাছত অপশক্তি আৰু বিৰোধী শক্তি জড়িত আছে। ৰাজনৈতিক উদ্দেশ্য প্রণোদিতভাৱে অসমীয়া আৰু বাঙালীৰ মাজত বিভেদ সৃষ্টিৰ প্ৰয়াস কৰিছে। আমি ইয়াক প্রতিহত কৰিব লাগিব। বিজেপিৰ ৪০খন সাংগঠনিক জিলাৰ যুৱ মৰ্চাৰ প্রতিনিধিসকলে অংশগ্রহণ কৰি বিজেপিৰ সাংগঠনিক দিশ অধিক শক্তিশালী কৰি তুলিবলৈ সিদ্ধান্ত গ্রহণ কৰিছে। তেওঁলোকে জনতা জনাদনৰ বাবে কাম কৰি আহিছে বুলি বিজেপিৰ যুৱ মৰ্চাৰ কাৰ্যনিৰ্বাহকৰ বিষয়ে উল্লেখ কৰি ভৱেশ কলিতাই কয়। মূল্যবৃদ্ধি সম্পর্কত  সোধা প্ৰশ্নৰ উত্তৰত বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে  কয়— ময়ো এজন গ্রাহক। লাহে লাহে মূল্য বৃদ্ধি কমি যাব। মন্ত্ৰী পৰিমল শুক্লবৈদ্যই  সাংবাদ মাধ্যমৰ আগত কয়— অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমখনক আগুৱাই নিয়াৰ বাবে প্ৰচেষ্টা অব্যাহত ৰখা হৈছে। অসমখনক দেশৰ পাঁচখন ৰাজ্যৰ ভিতৰত জিলিকাই ৰাখিবৰ বাবে মুখ্যমন্ত্ৰী ড° শৰ্মাই বহু কষ্ট কৰিছে।প্ৰদীপ দত্ত ৰয়ৰ বিষয়ে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই কয়- বিচ্ছিন্নতাবাদী কথা-বতৰাক অসমৰ মানুহে গুৰুত্ব নিদিয়ে। মাতৃভাষাৰ প্ৰতি আমাৰ সকলোৰে শ্রদ্ধা আছে। অসমৰ ৰাজধানীত কমলাক্ষ দে’ পুৰকায়স্থই বাংলা ভাষাত কথা কয়। তেতিয়া কোনেও মাত নামাতে বুলি মন্ত্ৰীগৰাকীয়ে তাৎপর্যপূর্ণ মন্তব্য কৰে। মন্ত্ৰীগৰাকীয়ে লগতে গুৰুত্বপূৰ্ণ মন্তব্য কৰে যে বৰাকত অসমীয়া ভাষাৰ বেনাৰৰ বিৰুদ্ধে হুংকাৰ দিলে কোনোৱে গুৱাহাটীৰ গণেশগুৰিত বাংলা ভাষাত কথা ক’ব নোৱাৰিব বুলি হুংকাৰ দিলে কি কৰিব। শক্তিমন্ত্রী বিমল বৰাই কয়— অসমত এক সুস্থ বাতাৱৰণ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত সকলোৰে দায়িত্ব আছে। আমি সকলোৱে মিলি সুস্থ বাতাৱৰণ গঢ়ি তুলিব লাগিব। একাংশই অসমখনক অস্থিৰ কৰি ৰাখিব বিছাৰিছে। অসমখনক কেতিয়াও অস্থিৰ কৰি ৰাখিবলৈ দিয়া নহ’ব।