নাগালেণ্ড নিৰ্বাচনৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা এন ডি পি পি আৰু বিজেপিৰ

নাগালেণ্ড নিৰ্বাচনৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা এন ডি পি পি  আৰু বিজেপিৰ

ৰঙিলী বাৰ্ত্তাসেৱা- ২৭ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া নাগালেণ্ড বিধানসভাৰ নিৰ্বাচনৰ বাবে বৃহস্পতিবাৰে শাসকীয় এন ডি পি পি আৰু বিজেপিয়ে পৃথকে পৃথকে তালিকা ঘোষণা কৰিলে ৷ ইতিমধ্যে দুয়োটা দলৰ মাজত হোৱা আসন বুজাবুজিৰ ভিত্তিত বিজেপিয়ে ২০ খন আৰু এন ডি পি পিয়ে ৪০ খন আসনৰ বাবে প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰে ৷ নিৰ্বাচনলৈ সম্পূৰ্ণভাৱে সাজু শাসকীয় দল নেফিঅ ৰিঅ’ৰ এন ডি পি পি আৰু বিজেপি ৷ ইতিমধ্যে দুয়োটা দলৰ মাজত ৬০ খন আসনৰ বুজাবুজি ৪০ আৰু ২০ত হৈ গৈছে ৷ ৬০ আসনযুক্ত নাগালেণ্ড বিধানসভাৰ ২০খনত বিজেপিয়ে আৰু ৪০ খনত এন ডি পি পিয়ে প্ৰতিদ্বন্দ্বিতা কৰিব৷ এই হিচাপত আজি নতুন দিল্লীত এক সংবাদমেল আয়োজন কৰি বিজেপিয়ে ঘোষণা কৰিলে ২০জনীয়া তালিকা ৷ নাগালেণ্ড বিজেপিৰ সভাপতি টেমজেম ইম্না আলঙে আলংটাকি সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব৷ একেদৰে উপ মুখ্যমন্ত্ৰী ৱাই পেটনে প্ৰতিদ্বন্দ্বিতা কৰিব টুয়ী সমষ্টিৰ পৰা । দিল্লীত বিজেপিয়ে ২০ জনীয়া তালিকা প্ৰকাশ কৰাৰ পিছতে কহিমাত এন ডি পি পি য়ে ঘোষণা কৰিলে ৪০ জনীয়া তালিকা ৷ মুখ্যমন্ত্ৰী নেফিঅ ৰিঅ’য়ে পেৰেন সমষ্টিৰ পৰা কৰিব প্ৰতিদন্দ্বিতা ৷