আপোনজনক ক’ব পৰা হ’লে কথাবোৰ- যমুনা   দুলু  বৈশ্য

Pc Wallpaper Flare
আপোনজনক ক’ব পৰা হ’লে কথাবোৰ
সন্ধিয়াৰ মৃদু সমীৰণে
কঢ়িয়াই অনা সুঘ্ৰাণত মতলীয়া মই
আপোন , আপোন লগা
সোণোৱালী এচলু সুখৰ তৃপ্তিৰ
আনন্দৰ অনুভৱ বোৰ
বুকুৰ মাজত থুপ হৈ থকা
গুণ গুণকৈ বাজি থকা
ঝংকাৰিত শব্দবোৰ
আপোনজনক ক’ব পৰা হ’লে কথাবোৰ ।
একেলগে বহি হিয়া উজাৰি কলোহেঁতেন
কোন হ’ব বাৰু মোৰ আপোনজন
ৱাহ , কি ধুনীয়া
এমুঠি স্নিগ্ধ সুবাস বকুল জোপাৰ
পাতৰ ফাঁকে ফাঁকে ৰিব্‌ ৰিব্‌
মলয়াই কঢ়িয়াই অনা
মোৰ বুকুত কুটুমৰ সান্নিধ্যক পাবলৈ
আপোন জনক বিচাৰে
দিনে-নিশা ।
বহুদুৰলৈ , সোণসেৰীয়া ভাললগা
স্মৃতিবোৰে আকুল কৰে আত্মাহাৰা হৈ
হৃদয়ত গোপনে , গোপনে
শব্দালঙ্কাৰে ওমলি থকা
সুজন , সুহৃদয়ৰ  বিশ্বাসী আপোন জনক
যদি কব, পাৰিলোহেঁতেন
উশাহবোৰ আজি মুক্ত হলহেঁতেন
পাম জানো কবলৈ আপোন জন  ।
 যমুনা   দুলু  বৈশ্য
                            শুৱালকুছি