নতুন বছৰ-এছ ইছলাম

Pc NBC News

নতুন বছৰ

এছ ইছলাম, শিক্ষক
পশ্চিম মইনবৰী, বৰপেটা

নতুন বছৰ চ’তৰ শেষত
আদৰি ল’বৰ হয়
প্ৰচণ্ড ধুমুহা বহাগ মাহত
প্ৰাণত লাগে ভয়।
 বৰদৈচিলাৰ তৎপৰতাত
ধূলিময় হয় গোটেই জগত
গছ-গছনি ভাঙে প্ৰৱল ধুমুহাত
সকলোৰে মন আতংকিত ভয়ত।
নতুন বছৰৰ আগমনত
প্ৰাণ শীতল কুলিৰ মাতত
গছে গছে মেলে ন ন কুঁহিপাত
সঁজাৰ মইনাটি ঘনে লগায় মাত।
বিজুলী ঢেৰেকণিৰ  চমকত
ভূ-পৃষ্ঠত সংঘটিত বজ্ৰপাত
কত জীৱ-জন্তুৰ প্ৰাণ হৰে
বিপদত মহাপ্ৰভুৰ নাম ধৰে।
খাল-বিল ডোঙা-ডুঙিবোৰে
বৰষুণৰ পানীৰে ভৰি পৰে
জলাধাৰত ভেকুলীবোৰে
প্ৰেম ৰাগিণীৰ সুৰ ধৰে।
ৰঙালী বিহু নতুন বছৰত
বিহু গীত গায় বিহু তলিত
ডেকা-গাভৰুৰ উতলা মন
প্ৰেমৰ মাদকতাই লব্ধ যৌৱন।