ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ মূল অভিযুক্ত সোনম ৰঘুবংশীৰ জামিন মঞ্জুৰ

Pc BBC

ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ মূল অভিযুক্ত সোনম ৰঘুবংশীৰ জামিন মঞ্জুৰ

ৰঙিলী বাৰ্ত্তাসেৱা- দেশ কঁপোৱা ইন্দোৰৰ ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ মূল অভিযুক্ত সোনম ৰঘুবংশীৰ জামিন মঞ্জুৰ কৰিছে । আৰক্ষী সূত্রে জনোৱা মতে, আদালতে জামিন অনুমোদন কৰিছে যদিও এতিয়াও জামিনৰ বিস্তৃত আদেশ প্ৰকাশ কৰা হোৱা নাই।আৰক্ষীৰ তথ্য অনুসৰি, ৰাজা ৰঘুবংশী আৰু তেওঁৰ পত্নী সোনমে যোৱা বৰ্ষৰ ২১ মে’ত হানীমুন উদযাপনৰ বাবে মেঘালয়ৰ শ্বিলঙলৈ গৈছিল। তাৰ পাছত ২৬ মে’ত দুয়ো ছহৰা ভ্ৰমণলৈ যায় আৰু সেইদিনাই তেওঁলোক নিখোজ হয়। ঘটনাৰ পিছতে আৰক্ষী, NDRF, SDRF আৰু স্থানীয় দলসমূহে বৃহৎ অনুসন্ধান অভিযান চলায়। বহুদিনৰ অনুসন্ধানৰ পিছত ২ জুনত Wei Sawdong Falls সমীপৰ এটা গভীৰ খাদৰ পৰা ৰাজা ৰঘুবংশীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল। তদন্তত প্রকাশ পোৱা মতে, সোনমৰ ৰাজ কুশৱাহা নামৰ এজনৰ সৈতে সম্পর্ক আছিল আৰু দুয়ো মিলি তিনিজন ভাৰাতীয়া হত্যাকাৰী বিশাল চৌহান, আকাশ ৰাজপুত আৰু আনন্দ কুৰ্মীৰ সৈতে পৰিকল্পনা কৰি হানীমুনৰ অজুহাতত ৰাজাক হত্যা কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল। আৰক্ষীৰ মতে, হত্যাকাণ্ডটো সোনমৰ উপস্থিতিতেই সংঘটিত হৈছিল। ঘটনাৰ এসপ্তাহৰ ভিতৰতে আৰক্ষীয়ে সোনমসহ পঞ্চজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছিল। পাছত ছহৰা আৰক্ষী থানাত ভাৰতীয় ন্যায় সংহিতা (BNS) অনুসৰি গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰা হৈছিল। উল্লেখযোগ্য যে আৰক্ষীয়ে ৫ ছেপ্টেম্বৰত ছহৰা উপ-বিভাগীয় ন্যায়িক দণ্ডাধীশৰ আদালতত ৭৯০ পৃষ্ঠাৰ অভিযোগপত্র দাখিল কৰিছিল। এই ঘটনাক লৈ দেশজুৰি এতিয়াও ব্যাপক আলোচনা চলি আছে। ইতিমধ্যে এই গোচৰত তিনিজন লোকক জামিন লাভ কৰিছিল।