পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ সপ্তম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ সপ্তম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন, ৰমেশ বাচফৰলৈ নিৰ্মল জনসেৱা বঁটা প্ৰদান

ৰূপাংক বৰুৱা,গোলাঘাট,ৰঙিলী বাৰ্ত্তাসেৱা- অলপতে দিনজোৰা কাৰ্য্যসূচীৰে পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ সপ্তম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। সভাপতি পুতুল চন্দ্ৰ শইকীয়াৰ সভাপতিত্বত আৰু সম্পাদক স্বাগতা বৰাই আঁত ধৰা অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে ড° লুকুমণি গোস্বামীয়ে। সভাখনি উদ্বোধন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি অভিৱৰ্তন গোস্বামীয়ে। অনুষ্ঠানত সঞ্জীৱণী বৰাৰ কাব্যগ্ৰন্থ উন্মোচন কৰে জেষ্ঠ সাংবাদিক, অসম সাহিত্য সভাৰ কেন্দ্ৰীয় বিষয়ববীয়া দিগন্ত কুমাৰ ভুঞাই ৷ অনুষ্ঠানত চেনিটেৰী ইন্সপেক্টৰ শ্ৰীযুত ৰমেশ বাচফৰক ‘নিৰ্মল জনসেৱা বঁটা’ প্ৰদান কৰা হয়। গোলাঘাটৰ জিলাৰ পৌৰপতি দুলুমনি বৰবৰা, প্ৰাক্তন পৌৰপতি জুৰি দাস ৰাজখোৱা, গোলাঘাট মহিলা সমিতিৰ সম্পাদক ৰূপা শইকীয়া, পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ উপ-সভাপতি ভোগেশ্বৰী চাংমাই, নদী আৰু নাৰী গোলাঘাট জিলা সমিতিৰ সম্পাদক গায়ত্ৰী শইকীয়া, প্ৰদীপ সোনাৰ, মৃদুল কাকতি,দূৰ্গাধৰ নেওগ, চুহানা আলি বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। অনুষ্ঠানত গীত-মাত, কবিতা আবৃত্তিৰে অনুষ্ঠানটি জীপাল হৈ পৰে।