নতুনকৈ নিজৰ প্ৰেমত – চিমী বৰুৱা

Pc Step Up For Mental Health

নতুনকৈ নিজৰ প্ৰেমত

চিমী বৰুৱা,মৰিগাঁও,চৰাইবাহী

​তুমি দি যোৱা হুমুনিয়াহবোৰকে মই নিয়তি বুলি ভাবিছিলোঁ,
চকুপানীৰ সাগৰত বুৰ গৈ উশাহ ল’বলৈ পাহৰিছিলোঁ।
অচিনাকি ছাঁ এটা হৈ ঘূৰি ফুৰিছিলোঁ তোমাৰ চহৰত,
য’ত মোৰ নিজৰ বুলি একোৱেই নাছিল কোনো কোণত।
​তোমাৰ খং, তোমাৰ অভিমান বুজোঁতে বুজোঁতে,
মই কেতিয়ানো মোৰ নিজৰ হাঁহিটো হেৰুৱালোঁ গমেই নাপালোঁ।
ভাবিছিলোঁ তোমাৰ অবিহনে মই মাথোঁ এটা সৰা পাত,
যাৰ নাই কোনো নিজস্ব ৰং, নাই কোনো চিনাকি মাত।
​কিন্তু আজি বতাহজাকৰ সুৰটো কিছু বেলেগ লাগিল,
বুকুৰ ভিতৰত থকা মইজনী যেন হঠাতে সাৰ পাই উঠিল।
আজি মোৰ প্ৰিয় গানটো গুণগুণাই নিজকে অলপ চালোঁ,
বহুদিনৰ মূৰত নিজৰ চকুলৈ চাই এক অবুজ শান্তি পালোঁ।
হৃদয়ৰ কোনোবা কোণৰ পৰা যেন এটা আশ্বাসে ৰিঙিয়ালে—
“চাচোন, তই এতিয়াও কিমান ধুনীয়া, তই এতিয়াও জীয়াই আছ।”
​তুমি মোৰ হাতখন এৰি দিয়াটোৱেই আছিল মোৰ আটাইতকৈ ডাঙৰ মুক্তি,
নহ’লে মই কেতিয়াও বিচাৰি নাপালোঁহেঁতেন মোৰ ভিতৰৰ এই শক্তি।
মৰম বিচাৰি আনৰ দুৱাৰে দুৱাৰে ঘূৰি ফুৰা মইজনীয়ে,
আজি বুজি পালোঁ— আটাইতকৈ পবিত্ৰ প্ৰেমটো আচলতে নিজৰ বাবেই সংৰক্ষিত আছিল।
​গতিকে ধন্যবাদ তোমাক, মোক মোৰ আকাশখন ঘূৰাই দিয়াৰ বাবে,
মোৰ চকুৰ পৰা অন্ধকাৰৰ সেই পৰ্দাখন আঁতৰাই দিয়াৰ বাবে।
তুমি অবিহনে মোৰ পথ হেৰাই যোৱা নাই,
বৰঞ্চ মই মোৰ নিজৰ ঠিকনা হে বিচাৰি পালোঁ, এক নতুন বিশ্বাসেৰে।