ধৰ্ষণৰ কাণ্ড সংঘটিত চৰাইদেউ জিলাত

pc 123RF

অনলাইন বাৰ্ত্তসেৱা –  আৰক্ষীয়ে জনোৱা মতে, কোভিড-১৯ৰ পৰা আৰোগ্য হোৱাৰ পিছত চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতি অহাৰ সময়ত পূব অসমৰ চাৰিদেউ জিলাত এগৰাকী মহিলাক দুজন পুৰুষে ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছে। আৰক্ষীয়ে জনোৱা অনুসৰি, চাহ জনজাতি সম্প্ৰদায়ৰ মহিলাগৰাকীয়ে তেওঁৰ জীয়েকৰ সৈতে কোভিড  পৰীক্ষাৰ নিগেটিভ ফলাফল লৈ চাপাখেতি মডেল হস্পিতালৰ পৰা ঘৰলৈ উভতি আহি আছিল। তেতিয়া দুজন দুৰ্বৃত্ত তেওঁক অপহৰণ কৰি ওচৰৰ চাহ বাগিচালৈ লৈ গৈছিল আৰু তেওঁলোকে তাইক ধৰ্ষণ কৰিছিল।