ধেমাজিৰ দিহিঙিয়া চুক অংগনৱাড়ী কেন্দ্ৰত শিশুসকলৰ সৈতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

pc Facebook

ধেমাজিৰ দিহিঙিয়া চুক অংগনৱাড়ী কেন্দ্ৰত শিশুসকলৰ সৈতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

অনলাইন বাৰ্ত্তাসেৱা – ধেমাজিৰ দিহিঙিয়া চুক অংগনৱাড়ী কেন্দ্ৰত শিশুসকলৰ সৈতে বাৰ্তালাপত মিলিত হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। অংগনৱাড়ী দলক তেওঁলোকৰ কৰ্মৰ বাবে ধন্যবাদ জ্ঞাপন কৰি শিশু আৰু গৰ্ভৱতী মহিলাসকলক পুষ্টি প্ৰদানৰ বাবে আঁচনিসমূহৰ ৰূপায়ণ নিশ্চিত কৰিবলৈ আহ্বান জনায় তেখেতে। অসম চৰকাৰে অংগনৱাড়ী কেন্দ্ৰ (এডব্লিউচি)ৰ পুনৰ নিৰ্মাণৰ বাবে ২৫ লাখ টকা প্ৰদান কৰিব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।