আমাৰ যুৱপ্ৰজন্মৰ সৰ্বাংগীন বিকাশৰ বাবে শিক্ষা আৰু ক্ৰীড়া একেলগে চলিব লাগিবঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

pc Facebook

আমাৰ যুৱপ্ৰজন্মৰ সৰ্বাংগীন বিকাশৰ বাবে শিক্ষা আৰু ক্ৰীড়া একেলগে চলিব লাগিবঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

অনলাইন বাৰ্ত্তাসেৱা – ধেমাজিৰ বাটঘৰীয়া এইচ. এছ. স্কুল আৰু বাটঘৰীয়া এম. ই. স্কুলৰ শিক্ষাৰ্থী আৰু শিক্ষকসকলৰ সৈতে বাৰ্তালাপ কৰে মুখ্যমন্ত্ৰীগাকীয়ে। অসম চৰকাৰে এইচ. এছ. স্কুলত শ্ৰেণীকোঠা নিৰ্মাণৰ বাবে সকলো প্ৰয়োজনীয় পুঁজি প্ৰদান কৰিব বুলিও প্ৰকাশ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে। লগতে বাটঘৰীয়া আঞ্চলিক স্পৰ্টছ ক্লাবত ক্ৰীড়া সামগ্ৰী আৰু জিম সঁজুলি দান কাৰ্যসূচীতো অংশগ্ৰহণ কৰে তেখেতে। ক্ৰীড়া সঞ্চালকালয়ে ক্ৰীড়া ক্লাবক বছৰি ৩ লাখ টকা প্ৰদান কৰিব। জিমৰ সঁজুলি ক্ৰয় কৰিবলৈ ১০ লাখ টকাৰ এককালীন অতিৰিক্ত অনুদানও প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰা হয়।