ধিং প্ৰেছ ক্লাবৰ তৎপৰতাত ড্ৰাগছ সৰবৰাহকাৰী আৰিফ আৰু নুৰজামাল এতিয়া ৰঙাঘৰৰ আলহী 

ধিং প্ৰেছ ক্লাবৰ তৎপৰতাত ড্ৰাগছ সৰবৰাহকাৰী আৰিফ আৰু নুৰজামাল এতিয়া ৰঙাঘৰৰ আলহী 

ইকবাল হুছেইন, মৈৰাবাৰী, ৰঙিলী বাৰ্ত্তাসেৱা–  আজি বিয়লি ধিং প্ৰেছ ক্লাৱৰ সন্মুখতে ড্ৰাগছৰ ৰমৰমীয়া বেহা চলাই থাকোতেই ধিঙৰ সাংবাদ কৰ্মীয়ে গোপন সূত্ৰ পম খেদি আটক কৰে দূৰ্ধষ ড্ৰাগছ ব্যৱসায়ী দুজনক ।বিগত বহু দিন ধৰি লালুৰ নেতৃত্বত ড্ৰাগছৰ বেহা চলাই আহিছিল ধিঙৰ আৰিফ আৰু নুৰজামাল নামৰ যুৱকদুজনে ।বহু দিনৰ পৰা সংবাদ কৰ্মীয়ে সন্দেহ কৰি থকা ড্ৰাগছ ব্যৱসায়ী আৰিফক দুইঘণ্টাজুৰি ভিন্ন স্থানত খেদি খেদি এটা শৌচাগাৰৰ পৰা আটক কৰিবলৈ সক্ষম হয় ।এই ক্ষেত্ৰত পৰিয়ালৰ লোকে নিৰাপত্তা দিয়া দেখিবলৈ পোৱা যায় ।ধিঙৰ নৱপ্ৰজন্মক ধ্বংস গৰাহলৈ থেলি দিয়া আৰিফ বহু সময়জুৰি পলায়ন কৰি শৌচাগাৰত আশ্ৰয় লোৱা পিছতে সংবাদ কৰ্মী আৰু প্ৰশাসনৰ লটি-ঘটি দেখিলে আপোনাৰো চকু কপালত উঠিব ।ধৃত আৰিফে নুৰজামালক চিনাক্ত কৰি দিয়া পিছতে দুয়ো ড্ৰাগছ সৰবৰাহকাৰী এতিয়া ধিং আৰক্ষী থানাত ।ধৃত ড্ৰাগছ মাফিয়া আৰিফৰ পৰা বহু পৰিমাণৰ নগদ ধন জব্দ কৰিবলৈ সক্ষম হয় ধিং আৰক্ষীয়ে ।মূল অভিযুক্ত লালু বৰ্তমানে পলাটক হৈ আছে ।বৰ্তমানে ধিং আৰক্ষীয়ে অধিক তদন্তৰ বাবে অব্যাহত ৰাখিছে মাৰাথন জেৰা ।মূল অভিযুক্ত লালুক ধিং আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হব নে নাই সেইটোহে লক্ষ্যণীয় বিষয় হব ।