দ্বিতীয় স্থানত থকা বোপান্না-ৰামকুমাৰৰ শীৰ্ষ স্থান দখল কৰি পুনেত দ্বিতীয় এটিপি খিতাপ জয় 

pc. NetIndian

দ্বিতীয় স্থানত থকা বোপান্না-ৰামকুমাৰৰ শীৰ্ষ স্থান দখল কৰি পুনেত দ্বিতীয় এটিপি খিতাপ জয় 

ৰঙিলী বাৰ্ত্তাসেৱা-  শীৰ্ষ স্থানপ্ৰাপ্ত লিউক চাভিল আৰু জন-পেট্ৰিক স্মিথক ৬-৭(১০-১২), ৬-৩, [১০-৬] ব্যৱধানত পৰাস্ত কৰি পুনেত অনুষ্ঠিত টাটা অপেন মহাৰাষ্ট্ৰ ২০২২ত দ্বিতীয় স্থান প্ৰাপ্ত ৰোহন বোপান্না আৰু ৰামকুমাৰ ৰামনাথনে দ্বৈত খিতাপ অৰ্জন কৰে। জানুৱাৰীত এডিলেড ইণ্টাৰনেচনেল ১ খিতাপ জয় কৰাৰ পিছত এইটো ভাৰতীয় যুটিৰ একেলগে দ্বিতীয় এটিপি খিতাপ।