দেশৰ ২৫ খনৰো অধিক অগ্রণী আবাসিক বিদ্যালয়ৰ অংশগ্ৰহণ

দেশৰ ২৫ খনৰো অধিক অগ্রণী আবাসিক বিদ্যালয়ৰ অংশগ্ৰহণ

ৰঙিলী বাৰ্ত্তাসেৱা- অন্যান্য খণ্ডৰ লগতে শিক্ষা ক্ষেত্ৰখনতো যোৱা প্ৰায় দুবছৰ কাল ক’ভিডে ঘটোৱা বিপৰ্যয়ৰ পাছত ক্ৰমাৎ ঘূৰি আহিছে পূৰ্বৰ মুকলি পৰিৱেশ । এনে সময়তে ২৬ আৰু ২৭ মাৰ্চত গুৱাহাটীৰ হোটেল ভিভাণ্টাত ভাৰতৰ ২৫ খনৰো অধিক আগশাৰীৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ অংশ গ্রহণেৰে অনুষ্ঠিত হয় ‘প্রিমিয়াৰ স্কুল্‌ছ এগ্‌জিবিচন’। চি বি এছ ই , আই এছ চি ই পাঠ্যক্রম আগবঢ়োৱা আৰু ইণ্টাৰনেচনেল ব’ৰ্ডছ ( আই বি আৰু কেমব্রিজ ) ৰ মান অনুসৰণ কৰা ব’র্ডিং বা আবাসিক স্কুলসমূহৰ এই প্রদর্শনীত অভিভাৱকসকলে বিদ্যালয়সমূহৰ মূৰব্বীসকল আৰু তেওঁলোকৰ কৰ্তৃত্বশীল প্রতিনিধিসকলৰ সৈতে পোনপতীয়াকৈ আলোচনা কৰাৰ সুবিধা পাব আৰু বিদ্যালয়বিলাকৰ শৈক্ষিক পাৰদৰ্শিতা , আন্তঃগাঁথনি আৰু সা – সুবিধা , শিক্ষণ প্ৰণালী , মাছুলৰ নিৰিখ আদি প্ৰয়োজনীয় তথ্যবোৰ আহৰণ কৰিব পাৰিব । তেনে ধৰণৰ ‘ স্পট কাউন্সেলিং ’ আৰু স্থলীতে নামভৰ্ত্তিৰো সুবিধাৰ দ্বাৰা অভিভাৱকসকলে তেওঁলোকৰ সন্তানক মনে বিচৰা আবাসিক বিদ্যালয়ত পঢ়ুওৱাৰ সঠিক সিদ্ধান্ত ল’ব পাৰিব৷ উল্লেখযোগ্য যে দুবছৰৰ মূৰত এইবাৰ আয়োজিত প্রিমিয়াৰ শৈক্ষিক প্ৰদৰ্শনীত অংশ গ্ৰহণ কৰা অগ্রণী আবাসিক বিদ্যালয়সমূহৰ মাজত আছে — উডষ্টক স্কুল – মুচৌৰী , ইণ্ডিয়ান পাব্‌লিক স্কুল- ডেৰাডুন , ডুন গাৰ্লছ স্কুল – ডেৰাডুন , আৰয়ান স্কুল- ড্ৰোডুন , হ’প টাউন গাৰ্লছ স্কুল- ডেৰাডুন , আছাম ভেলী স্কুল তেজপুৰ , ডাউন টাউন স্কুল- গুৱাহাটী , মুচৌৰী ইণ্টাৰনেচনেল স্কুল – মুচৌৰী , ইউনিছন ৱৰ্ল্ড স্কুল – ডেৰাডুন , সাই ইণ্টাৰনেচনেল স্কুল- ভুৱনেশ্বৰ , মোডী স্কুল- ছিকৰ ( ৰাজস্থান ) , নীৰ্জা মোডী স্কুল- জয়পুৰ , দিল্লী পাব্‌লিক স্কুল- জয়পুৰ , বিৰলা ইণ্টাৰনেচনেল স্কুল – কিষাণগড় (আজমীৰ ) , বিৰলা স্কুল – পিলানি , আগা খান একাডেমী- হায়দৰাবাদ , জৈন ইণ্টাৰনেচনেল ৰেছিডেন্সিয়েল স্কুল- বেংগালুৰু , ত্ৰিবান্দ্ৰম ইণ্টাৰনেচনেল স্কুল- কেৰালা , ট্রায় ’ ৱৰ্ল্ড স্কুল- বেংগালুৰু , হায়দৰাবাদ ইনষ্টিটিউট অৱ এক্সেলেন্স- হায়দৰাবাদ , গংগা ইণ্টাৰনেচনেল স্কুল- নতুন দিল্লী , স্বর্ণপ্রস্থ পাবলিক স্কুল- সোনপত ইত্যাদি । আজিৰ অভিভাৱকক সন্তানৰ ভৱিষ্যৎ গঢ়াৰ উদ্দেশ্যে সঠিক শিক্ষানুষ্ঠান এখন বাছনি কৰাৰ সহায়ক হিচাপে ‘ প্রিমিয়াৰ স্কুল্‌ছ এগ্‌জিবিচন ’ অনুষ্ঠিত কৰা উদ্যোক্তা গোষ্ঠী ‘ এফেয়াৰ্ছ এগ্‌জিবিচন্‌ছ এণ্ড মিডিয়া প্রাইভেট লিমিটেড’ৰ প্ৰতিষ্ঠাপক , পৰিচালন সঞ্চালক সঞ্জীব বলীয়াই কয়— সন্তানক এখন উন্নত আবাসিক বিদ্যালয়লৈ পঠিওৱা আবেগিকভাৱে কঠিন সিদ্ধান্ত এটা গ্ৰহণত অভিভাৱকসকলৰ সহায় হোৱাকৈ একে স্থানতে আন্তঃৰাষ্ট্ৰীয় মানসম্পন্ন সকলো ভাৰতীয় বিদ্যালয়ক সমবেত কৰোৱাৰ বাবেই এই শৈক্ষিক প্ৰদৰ্শনীৰ আয়োজন কৰা হয়৷