দেশত সোমবাৰে নথিভুক্ত হ’ল ৫০ দিনৰ ভিতৰত সৰ্বনিম্ন কোভিড সংক্ৰমনৰ ঘটনা

pc Yahoo News India

অনলাইন বাৰ্ত্তাসেৱা – ভাৰতবৰ্ষত সোমবাৰে নথিভুক্ত হোৱা তথ্য অনুসৰি, ২৪ ঘণ্টাৰ ভিতৰত দেশত সংঘটিত কোভিড-১৯ৰ সংক্ৰমনৰ ঘটনা পৰিলক্ষিত হৈছে ১.৫২ লাখ।  উল্লেখ্য যে ইয়েই হৈছে ৫০ দিনৰ ভিতৰত এদিনত সৰ্বনিম্ন সংক্ৰমন বৃদ্ধিৰ হাৰ। ইয়াৰোপৰি, নতুনকৈ মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে ৩,১০০ ৰো অধিক, যি এমাহৰ ভিতৰত সৰ্বনিম্ন। ভাৰতত মুঠ নথিভুক্ত হোৱা ঘটনাৰ সংখ্যা হৈছে ২.৮ কোটিতকৈও অধিক। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ শেহতীয়া তথ্য অনুসৰি ১,৫২,৭৩৪ টা নতুন কোভিড-১৯ ঘটনাৰ সৈতে ভাৰতবৰ্ষত সংঘটিত হোৱা মুঠ ঘটনাৰ সংখ্যা হৈছে ২,৮০,৪৭,৫৩৪ টা।