দেশত বৰ্তমানলৈকে ৰাষ্ট্ৰজোৰা কোভিড প্রতিষেধক প্ৰদান অভিযানৰ অধীনত ৯৯ কোটিৰো অধিক পালি প্ৰদান

pc News18

দেশত বৰ্তমানলৈকে ৰাষ্ট্ৰজোৰা কোভিড প্রতিষেধক প্ৰদান অভিযানৰ অধীনত ৯৯ কোটিৰো অধিক পালি প্ৰদান

ৰঙিলী বাৰ্ত্তাসেৱা – দেশত বৰ্তমানলৈকে ৰাষ্ট্ৰজোৰা কোভিড প্রতিষেধক প্ৰদান অভিযানৰ অধীনত ৯৯ কোটিৰো অধিক পালি প্ৰদান কৰা হৈছে। কেন্দ্রীয় স্বাস্থ্য মন্ত্র্যালয়ে প্রকাশ কৰা অনুসৰি, ১৮ অক্টোবৰ তাৰিখে ৮৭ লাখ ৪১ হাজৰৰো অধিক পালি দিয়া হয়। দেশত এই দিনটোত ঘণ্টাত ১৯ হাজাৰৰো অধিক লোকৰ দেহত কৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰে। ইয়াকে লৈ দেশত বৰ্তমানলৈকে সুস্থ হৈ উঠা লোকৰ সংখ্যা ৩ কোটি ৩৪ লাখ ৫৮ হাজাৰ অতিক্ৰম কৰিছে। সেই অনুসাৰে আৰোগ্যৰ হাৰ যোৱা বছৰৰ মাৰ্চৰ পাছত প্ৰথমবাৰৰ বাবে ৯৮ দশমিক ১-৪ শতাংশলৈ বৃদ্ধি পাইছে। ইপিনে, একেটা দিনতেই ১৩ হাজৰৰো অধিক লোকৰ দেহত কৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰে। এদিনতে আক্রান্ত লোকৰ এই সংখ্যা বিগত ২৩১ দিনৰ ভিতৰত আটাইতকৈ কম। দেশত সম্প্ৰতি মুঠ আক্ৰান্তৰ দশমিক ৫-৪ শতাংশ অর্থাৎ ১ লাখ ৮৩ হাজাৰ ১১৮জন চিকিৎসাধীন কোৱিড ৰোগী আছে। একেদৰে এই ১৮ অক্টোবৰৰ দিনটোত ঘণ্টাত কোভিড-১৯ত আক্ৰান্ত হৈ ১৬৪জন লোকে প্ৰাণ হেৰুৱায়। ইয়াকে লৈ দেশত বর্তমানলৈকে এই ৰোগত মৃত্যু হোৱা লোকৰ সংখ্যা ৪ লাখ ৫২ হাজাৰ ৪৫৪ হৈছেগৈ। মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে, দেশত সম্প্ৰতি দৈনিক সংক্ৰমণৰ হাৰ ১ দশমিক ১-১ আৰু সাপ্তাহিক সংক্রমণৰ হাৰ ১ দশমিক ৩-৬ শতাংশলৈ অৱনমিত হৈছে। দৈনিক সংক্ৰমণৰ হাৰ যোৱা ৫০ দিন ধৰি ৩ শতাংশৰ তলত আছে। স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি, ২৪ ঘণ্টাৰ ভিতৰত দেশৰ বিভিন্ন পৰীক্ষাগাৰত ১১ লাখ ৮১ হাজাৰৰো অধিক নমুনা পৰীক্ষা কৰা হয়। ইয়াকে ধৰি দেশত এই পর্যন্ত কৰা পৰীক্ষাৰ সংখ্যাই ৫৯ কোটি ৩১ লাখ অতিক্ৰম কৰিছে।