দুই লাখ টকা উৎকোছ দাবী আৰক্ষীৰ

দুই লাখ টকা উৎকোছ দাবী আৰক্ষীৰ

ৰঙিলী বাৰ্ত্তাসেৱা-   গ্ৰেপ্তাৰৰ বিনিময়ত দুই লাখ টকা দাবী কৰা গোচৰৰ সন্দৰ্ভত চি আই ডিয়ে সাতগাঁও থানাৰ অ চি মঞ্জিত বুঢ়াগোহাঁই আৰু কনিষ্টবল নিপেন কলিতাক চি আই ডি থানাত জেৰা কৰে। কেইবাঘণ্টা জেৰাৰ অন্তত দুই আৰক্ষীক ঘৰলৈ যাব দিয়ে। অভিযুক্ত অ চি আৰু কনিষ্টবল জনক শীঘ্ৰেই গ্ৰেপ্তাৰৰ সম্ভাৱনা আছে বুলি চি আই ডিৰ ভিতৰুৱা সূত্ৰই জানিবলৈ দিয়ে। ইপিনে, ভূক্তভোগী মহিলা গৰাকীক চি আই ডিৰ অধীক্ষকে চি আই ডিৰ কাৰ্যালয়লৈ মাতি নিয়ে। চি আই ডিৰ অধীক্ষকে ভূক্তভোগী মহিলা গৰাকীৰ সাক্ষ্য আধা ঘন্টাৰো অধিক সময় লিপিবদ্ধ কৰে। সাক্ষ্য দান দি ভূক্তভোগী মহিলা গৰাকীয়ে সাতগাঁও থানাৰ অ চি মঞ্জিত বুঢ়াগোহাঁই আৰু কনিষ্টবল নিপেন কলিতাৰ বিৰুদ্ধে চি আই ডিৰ অধীক্ষকৰ ওচৰত আন এখন অতিৰিক্ত এজাহাৰ দাখিল কৰে। এজাহাৰ গ্ৰহণ কৰি চি আই ডিৰ অধীক্ষকজনে অভিযুক্ত আৰক্ষীদ্বয়ৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিব বুলি ভূক্তভোগী মহিলা গৰাকীক আশ্বাস প্ৰদান কৰে। উল্লেখ্য যে, মহানগৰীৰ সাতগাঁও থানাৰ অন্তৰ্গত সোনাই মিকিৰ পথৰ ৪৯ নং ঘৰৰ বাসিন্দা তথা সেনা বাহিনীৰ শ্বহীদ কৰ্ণেলৰ পত্নীক অজ্ঞাত লোকে ফোন কৰি দহ লাখ টকা দাবী কৰিছিল , অন্যথা মহিলা গৰাকীৰ পুত্ৰক হত্যা কৰাৰ ভাবুকি প্ৰদান কৰিছিল। ঘটনা সন্দৰ্ভত মহিলা গৰাকীয়ে সাতগাঁও থানাত এজাহাৰ দাখিল কৰিছিল । অভিযুক্তক গ্ৰেপ্তাৰৰ বিনিময়ত সাতগাঁও আৰক্ষীয়ে মহিলা গৰাকীক দুই লাখ টকা দাবী কৰিছিল।