দিল্লী বিশ্ববিদ্যালয়ত এবিভিপিৰ বৃহৎ জয়
ৰঙিলী বাৰ্ত্তাসেৱা- দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত আৰএছএছ সমৰ্থিত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে চাৰিটা কেন্দ্ৰীয় পদৰ ভিতৰত তিনিটা পদতে জয়লাভ কৰিছে । আনহাতে এনএছইউআইৰ টিকটৰ পৰা বঞ্চিত প্ৰাক্তন এনএছইউআই সদস্য তথা নিৰ্দলীয় প্ৰাৰ্থী দীপাংশু ছোকিনে উপ-সভাপতি পদত বিজয়ী হয় । সভাপতি, সম্পাদক আৰু যুটীয়া সম্পাদক তিনিওটা পদতেই ছাত্র সংগঠনটোৰ প্রার্থীয়ে বিজয় সাব্যস্ত কৰে। একমাত্র উপ-সভাপতিৰ পদটো তেওঁলোকৰ হাতৰ পৰা ওলাই যায়। তথাপি এই পদটোও জিকিবলৈ সমর্থ নহ’ল কংগ্ৰেছৰ ছাত্র সংগঠন এনএছইউআই। এই পদটো দখল কৰে নির্দলীয় প্রার্থীয়ে।সভাপতি পদত এবিভিপিৰ প্ৰাৰ্থী যশ দাবাছ, সম্পাদকৰ পদত ৰিয়া ছাৱদী আৰু যুটীয়া সম্পাদক পদত লক্ষ্য ৰাজ সিঙে জয়লাভ কৰে । ২০ ৰাউণ্ডৰ ভোট গণনাৰ অন্তত চূড়ান্ত ভোটৰ হিচাপ অনুসৰি ২২,৫২৩ টা ভোট লাভ কৰা এনএছইউআইৰ প্ৰাৰ্থী বিজয় মীনাক পৰাস্ত কৰি ২৪,৫৭৬ টা ভোটেৰে সভাপতি পদত দাবাছে জয়লাভ কৰে । উপ-সভাপতি পদত নিৰ্দলীয় প্ৰাৰ্থী ছোকিনে ৩০,৬১৫ টা ভোট লাভ কৰি জয়লাভ কৰে । একেটা পদত এবিভিপিৰ ইশু মৌৰিয়াই ১৬,৯১০ টা ভোট লাভ কৰাৰ বিপৰীতে এনএছইউআইৰ বীৰ চত্ৰথে ৪,৩১৩ টা ভোট লাভ কৰে । সম্পাদক পদত এবিভিপিৰ ৰিয়া ছাৱদীয়ে ২১,৬৫০টা ভোট লাভ কৰি বিজয়ী হয়। একেটা পদত এনএছইউআইৰ নম্ৰতা চৌধাৰীয়ে ১৪,৮৬৯ টা ভোট লাভ কৰে । যুটীয়া সম্পাদক পদক এবিভিপিৰ লক্ষ্য ৰাজ সিঙে ১৬,৬৪১ টা ভোট লাভ কৰি জয়লাভ কৰে । নিৰ্দলীয় প্ৰাৰ্থী বিষেশ যাদৱে ১৫,৭৭৮ টা ভোট লাভ কৰাৰ বিপৰীতে এনএছইউআইৰ গোপাল চৌধাৰীয়ে ১৫,১০৬ টা ভোট লাভ কৰে ।
