উন্নয়নশীল ৰাষ্ট্ৰসমূহক ভুলকৈ দোষাৰোপ কৰা হয়ঃ প্ৰধানমন্ত্ৰী মোদী

উন্নয়নশীল ৰাষ্ট্ৰসমূহক ভুলকৈ দোষাৰোপ কৰা হয়ঃ প্ৰধানমন্ত্ৰী মোদী

ৰঙিলী বাৰ্ত্তাসেৱা-  সমস্যাটো সমগ্ৰ বিশ্বৰে। কিন্তু বেছিভাগ সময়তে দায় জাপি দিয়া হয় ভাৰতৰ ওপৰত।  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জলবায়ু পৰিৱৰ্তন আৰু কাৰ্বন নিৰ্গমনৰ দৰে গোলকীয় সমস্যাৰ বাবে ভাৰতসহ উন্নয়নশীল দেশসমূহক অন্যায়ভাৱে দোষাৰোপ কৰাৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। শনিবাৰে নতুন দিল্লীৰ বিজ্ঞান ভৱনত ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণ (NGT)ৰ দ্বাৰা আয়োজিত “দ্য ফিউচাৰ অৱ এনভাইৰনমেন্ট এণ্ড ক্লাইমেট ডাইনামিক্স” শীৰ্ষক দুদিনীয়া আন্তঃৰাষ্ট্ৰীয় সন্মিলনত ভাষণ দি তেওঁ এই কথা প্ৰকাশ কৰে। ভাষণ মোদীয়ে কয়, ‘আমি সকলোৱে জানো যে উন্নয়নশীল দেশসমূহৰ ওপৰত অতিৰিক্ত কাৰ্বন নির্গমনৰ দোষ জাপি দিয়া হয়। কিন্তু ইতিহাস সাক্ষী আছে যে আজিলৈকে সমগ্র বিশ্বত যি পৰিমাণৰ কাৰ্বন নির্গমন হৈছে, ভাৰতত সেই হাৰ বহুগুণে কম। যোৱা ১২ বছৰ ধৰি পৰিৱেশগত ক্ষেত্ৰত অসাধাৰণ উন্নতি সাধন কৰিছে ভাৰতে। পৰিৱেশ ৰক্ষাৰ ক্ষেত্ৰত অত্যন্ত গুৰুত্বপূৰ্ণ পুনৰ ব্যৱহাৰযোগ্য শক্তিক লৈ আমি বহু কাম কৰিছোঁ।’ প্ৰধানমন্ত্ৰীয়ে দাবী কৰে যে জি-২০ দেশসমূহৰ মাজত একমাত্ৰ ভাৰতেই পেৰিছ জলবায়ু চুক্তিৰ সকলো চৰ্ত পূৰণ কৰিছে। তাকো সময়সীমা উকলি যোৱাৰ পূৰ্বেই। শত শত বছৰ ধৰি ভাৰত পৰিৱেশক লৈ বহু পৰিমাণে সচেতন হৈ আছে বুলি বার্তা দিয়ে প্রধানমন্ত্রীয়ে। যুগ যুগ ধৰি তেনে সচেতনতা আছিল বাবেই আজিৰ পৃথিৱীত পৰিৱেশগত সমস্যাসমূহৰ সমাধান আঙুলিয়াই দিবলৈ সক্ষম হৈছে ভাৰত। তথাপি মোদীৰ স্পষ্ট বাৰ্তা যে পৰিৱেশক ৰক্ষা কৰিবলৈ হ’লে সমগ্র বিশ্বই একেলগে পদক্ষেপ গ্রহণ কৰিব লাগিব। উল্লেখ্য যে পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি কার্বন নির্গমন হৈ থাকে আমাৰ চুবুৰীয়া ৰাষ্ট্ৰ চীনত। আমেৰিকাৰ দৰে ধনী আৰু উন্নত দেশসমূহো এইক্ষেত্রত কোনোগুণে কম নহয়; যথাক্রমে ৩৩.৯৮ আৰু ১২ শতাংশ কার্বন নির্গমন হয় দুই মহাশক্তিধৰ দেশ ক্রমে চীন আৰু আমেৰিকাত। জনমূৰি হিচাপত এই হাৰ দুয়োখন দেশত ক্রমে ৯.২৪ আৰু ১৩.৮৩ টন। কিন্তু বিপুল জনসংখ্যাৰ দেশ হৈও ভাৰতত জনমূৰি কাৰ্বন নির্গমনৰ পৰিমাণ মাত্র ২.০৭শতাংশ। ভাষণ প্রসংগত প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে উল্লেখ কৰে যে জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ হ্ৰাস কৰি সৌৰ বিদ্যুৎ, হাইড্ৰ’জেন শক্তিৰ ব্যৱহাৰৰ ওপৰত অধিক গুৰুত্ব প্রদান কৰিছে ভাৰতে। মোদীৰ ভাষণত এই কথা স্পষ্ট হৈ পৰিছে যে পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত ভাৰতে যথেষ্ট উদ্যোগ গ্রহণ কৰিছে। সেইবাবেই জলবায়ু সম্পৰ্কীয় সমস্যাৰ ক্ষেত্ৰত ভাৰতক কাঠগড়াত তোলাৰ চেষ্টাক কোনো কাৰণতে মানি ল’ব নোৱাৰি।