অমৃতকণ্ঠ জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ এবছৰ

অমৃতকণ্ঠ জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ এবছৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  ১৯ ছেপ্টেম্বৰ। কেলেণ্ডাৰৰ এটি সাধাৰণ তাৰিখ নহয়। সমগ্র অসম আৰু বিশ্বজুৰি সিঁচৰতি হৈ থকা লাখ লাখ অসমীয়াৰ বাবে ১৯ ছেপ্টেম্বৰৰ দিনটো হৈ পৰিল বুকুত এক গভীৰ আঘাত, এক অপূৰণীয় শূন্যতা। অসমীয়াৰ বাবে অভিশপ্ত ১৯ ছেপ্টেম্বৰৰ দিনটোতে এবছৰ পূৰ্বে বুকু শুদা কৰি কাহানিও ঘূৰি নহা বাটেৰে গুচি গৈছিল প্ৰাণৰ শিল্পী জুবিন গাৰ্গ। চিৰদিনলৈ অৱসান ঘটিছিল অমৃতকণ্ঠৰ। এবুকু বেদনা বুকুত বান্ধি প্রতিটো পলেই স্মৰণ কৰা অসমীয়াৰ প্ৰাণস্পন্দনত অভিশপ্ত ১৯ ছেপ্টেম্বৰৰ বৰ্ষপূৰ্তিৰ দিনটোত আকৌ এবাৰ প্ৰতিধ্বনিত হ’ল শক্তিশালী সেই বাক্য- ‘জয় জুবিনদা’। ক’বলৈ গ’লে শদিয়াৰ পৰা ধুবুৰীলৈ অমৃতকণ্ঠৰ জয়ধ্বনিৰে  জুবিনময় হৈ পৰিল সমগ্ৰ অসম। ৰাজ্যৰ আকাশ-বতাহ কঁপাই প্ৰতিগৰাকী অসমীয়াৰ হৃদয়ত গুঞ্জৰিত হ’ল আপোন শিল্পীক বিচৰা বেদনাসিক্ত আৱেগবোৰ। প্রিয় শিল্পীৰ সত্তাক বিচাৰি ৰাজ্যৰ প্রান্তে প্রান্তে হাহাকাৰ কৰি ফুৰা অগণিত অনুৰাগীয়ে শিল্পীগৰাকীৰ সৃষ্টিৰাজিৰে জ্ঞাপন কৰিলে অশ্রু-অঞ্জলি। স্পন্দনহীন হৈ পৰিল অসম। স্থানভেদে স্বতঃস্ফূর্তভাৱে স্তব্ধ হৈ পৰিল প্রাত্যহিক জীৱনযাত্রা। শিল্পীগৰাকীৰ একালৰ বিচৰণথলী যোৰহাট আৰু শিৱসাগৰতো আজি ৰাইজে বিভিন্ন ধৰণে প্রিয় সত্তাক জনালে শ্রদ্ধাঞ্জলি। জুবিনবিহীন অসমৰ প্ৰথমটো মৃত্যুবার্ষিকীত পুৱাৰ পৰা নিশালৈকে প্রান্তে প্রান্তে শিল্পীগৰাকীৰ গীত বন্দনাৰে মুখৰ হৈ পৰিল আকাশ-বতাহ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে যোৰহাটৰ অঞ্চলে অঞ্চলে মাথোঁ জুবিনময় পৰিৱেশ। যোৰহাটৰ সৈতে শিল্পীগৰাকীৰ আছিল এক অভিন্ন সম্পৰ্ক আৰু আৱেগ। এই আৱেগক বুকুত সামৰি সকলোৱে স্মৰণ কৰিলে শিল্পীসত্তাক। সকলো ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে বাসগৃহ আৰু বিভিন্ন ৰাজহুৱা স্থানত শিল্পীগৰাকীৰ প্ৰতিচ্ছবিত ধূপ-চাকি জুলাই শ্রদ্ধা জ্ঞাপন কৰিলে যোৰহাটবাসীয়ে।  প্রথম মৃত্যুবার্ষিকীত সাহস আৰু জুবিন গাৰ্গ ফেন ক্লাব যোৰহাটৰ উদ্যোগত গঠিত জুবিন গার্গ প্রতিমূর্তি নিৰ্মাণ সমিতিৰ সৌজন্যত যোৰহাট নগৰৰ অজন্তা বাইপাছৰ সমীপত জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিৰ আধাৰশিলা স্থাপন কৰে শিল্পীগৰাকীৰ পেহীয়েক বীণাপাণি অধ্যাপকে। বিশিষ্ট স্থপতিবিদ ৰাজনীশ দত্তই প্ৰস্তুত কৰিছে নিৰ্মাণ হ’বলগীয়া প্ৰতিমূৰ্তিৰ নক্সা। একেদৰে যোৰহাট সাহিত্য সভা আৰু নাওবৈচা মিলিত যুৱকবৃন্দৰ উদ্যোগত বছাচুক, বৰাচুক আৰু নতুন নামঘৰৰ ৰাইজৰ সহযোগত দিনজোৰা কাৰ্যসূচীৰে নাওবৈচা বছাচুক নামঘৰত পালন কৰা হয় প্রথম বার্ষিক মৃত্যুতিথি। একেদৰে শিৱসাগৰ আছু, বীৰ লাচিত সেনা, বিজেপিকে ধৰি বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠানে প্ৰাণৰ শিল্পীলৈ আগবঢ়ালে শ্রদ্ধাঞ্জলি। প্রিয় শিল্পীৰ মহাপ্ৰয়াণৰ প্রথম বার্ষিকী উপলক্ষে আজি পুৱাৰ ভাগত দুই শতাধিক গুণমুগ্ধই চেৰেকাপাৰৰ পৰা শিৱসাগৰ নগৰলৈ এক সমদল উলিয়ায়। বীৰ লাচিত সেনাৰ শিৱসাগৰ জিলা আৰু নগৰ সমিতিৰ উদ্যোগত আয়োজিত একাজলি শ্রদ্ধাঞ্জলি শীর্ষক অনুষ্ঠানটোত বিভিন্নজনে প্রিয় শিল্পীগৰাকীক শ্রদ্ধা জ্ঞাপন কৰে।  জুবিন গাৰ্গৰ মহাপ্রয়াণৰ এটা বৰ্ষ সম্পূৰ্ণ হোৱাৰ পৰিপ্ৰেক্ষিতত স্তব্ধ হৈ পৰে ডিব্ৰুগড় চহৰ। উল্লেখ্য যে কোনো দল অথবা সংগঠনে এই বন্ধৰ আহ্বান কৰা নাছিল যদিও ডিব্ৰুগড়বাসী ৰাইজে প্রিয় শিল্পীগৰাকীলৈ শ্রদ্ধা জনাই নিজাববীয়াকৈ সকলো অনুষ্ঠান-প্রতিষ্ঠান বন্ধ ৰাখে। অসম সাহিত্য সভাৰ উদ্যোগত মৰিগাঁৱত কেন্দ্রীয়ভাৱে উদ্যাপন কৰা হয় জুবিন দিৱস। মৰিগাঁও জিলা সাহিত্য সভাৰ সহযোগত আৰু মৰিগাঁও শতদল শাখা সাহিত্য সভাৰ আতিথ্যত মৰিগাঁৱৰ গান্ধী ভৱনত আয়োজিত অনুষ্ঠানত অসম সাহিত্য সভাৰ উপ-সভাপতি পদুম ৰাজখোৱাই কয় যে জুবিন এটা নাম নহয়, জুবিন এতিয়া এটা অনুষ্ঠান, অসমীয়া জাতিৰ সত্তা। অসম সাহিত্য সভাক মনৰ পৰা ভালপোৱা জুবিন গার্গে বিভিন্ন সময়ত সভাৰ ভুলবোৰক আঙুলিয়াই দিছিল। সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই শিল্পীগৰাকীৰ মৃত্যুৰ দিনটো অসমীয়াৰ কাৰণে দুখৰ দিন বুলি অভিহিত কৰি কয় যে অসমীয়া জাতিয়ে জুবিন গাৰ্গৰ বাবে ন্যায় বিচাৰিছে। প্রয়াত শিল্পীগৰাকীক ভাৰতৰত্ন প্ৰদানৰ দাবী তুলি তেওঁ কয় যে সকলো ৰাজনৈতিক দলে একত্রিত হৈ অসম বিধানসভাত এই সন্দর্ভত এটা সমন্বিত প্ৰস্তাৱ গ্ৰহণ কৰি ভাৰত চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিব লাগে। অসম সাহিত্য সভাই জুবিন গাৰ্গৰ গীত-লেখাৰ মূল্যায়ন কৰিছে বুলি উল্লেখ কৰি তেওঁ কয় যে শিল্পীগৰাকীৰ আধৰুৱা কামবোৰ আমি পূৰণ কৰিব লাগিব। প্রথম জুবিন দিৱসৰ সময়তে অসমীয়া জাতিৰ পৰিচয় দেখা গৈছে। সোণাপুৰত পৰিৱেশন কৰা ‘মায়াবিনী’-এ জাতিভেদ পৰিহাৰ কৰি সকলোকে এক কৰিলে। ‘জুবিনৰ এদিন’ শীর্ষক কাৰ্যসূচীৰে ৰাজ্যজুৰি প্ৰাণৰ শিল্পীক স্মৰণ কৰিলে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে। পৰিষদৰ সভাপতি পলাশ চাংমাই আৰু বিজন বায়নে আজি এই সন্দর্ভত কয় যে জুবিন গাৰ্গ কেবল এক শিল্পীৰ নাম নহয়, অসমৰ সংগীত-সংস্কৃতি-সমাজৰে সৈতে গভীৰভাৱে সংপৃক্ত হৈ পৰা এক শক্তিশালী সাংস্কৃতিক সত্তা। নিজৰ সৃষ্টিৰাজিৰ মাজেৰে শিল্পীগৰাকীয়ে অসমৰ মাটি-মানুহ-ভাষা-প্রকৃতি আৰু জাতীয় চেতনাক প্রকাশ কৰিছিল। অনুষ্ঠানটোৰ সৈতে সংগতি ৰাখি সৰুপেটা আৰু ভৱানীপুৰত পৰিষদৰ উদ্যোগত প্ৰাণৰ শিল্পীৰ দুটাকৈ প্ৰতিমূর্তি নির্মাণ কামৰ শুভাৰম্ভ কৰা হয়। ইয়াৰ বাহিৰেও জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰি তোলাৰ বাবেও পৰিষদে চৰকাৰক আহ্বান জনায়। প্রিয় শিল্পীৰ সত্তাক সশ্রদ্ধ স্মৰণেৰে গুৱাহাটী মহানগৰীৰ দোকান-পোহাৰৰ পৰা আৰম্ভ কৰি ব্যক্তিগত অনুষ্ঠানলৈকে সকলোৱে শ্রদ্ধাঞ্জলি  জ্ঞাপন কৰিলে। প্রিয় শিল্পীগৰাকীৰ মহাপ্রয়াণৰ এবছৰীয়া দিনটোত ‘জুবিন ফেন ক্লাব হায়দৰাবাদ’ৰ উদ্যোগত বাল্মীকি অ’লডেইজ হ’মত দিনজোৰা কাৰ্যসূচীৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হয়। প্রিয় শিল্পীৰ প্ৰতি শ্ৰদ্ধা জনাই ফেন ক্লাবৰ সদস্যসকলে অ’লডেইজ হ’মটোৰ আৱাসীসকলক খাদ্য প্ৰদান কৰাৰ লগতে অসমীয়া গামোচাৰে সম্বৰ্ধনা জনায়।